খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক
কিয় গুৰুত্বপূৰ্ণ:
আমি সিঁচা সত্যৰ বীজত পানী দিব বিচাৰোঁ। (১কৰি ৩:৬) যদি কোনোবাই সত্যৰ প্ৰতি আগ্ৰহ দেখুৱায়, তেনেহ’লে পুনৰ সাক্ষাতত আলোচনা কৰিবলৈ আমি এটা প্ৰশ্ন সুধি অহা ভাল হ’ব। ইয়াৰ যোগেদি তেওঁৰ আগ্ৰহ বাঢ়িব আৰু আমি পুনৰ সাক্ষাতৰ বাবে ভালদৰে প্ৰস্ত্তত কৰিব পাৰিম। যেতিয়া আমি তেওঁৰ ওচৰলৈ পুনৰ যাওঁ, তেতিয়া আমি ক’ব পাৰোঁ যে যোৱাবাৰ সোধা প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ।
ইয়াক কেনেকৈ কৰিব:
-
আপুনি ঘোষণা কাৰ্য্যৰ বাবে তৈয়াৰী কৰাৰ সময়ত, গৃহস্থক সুধি অহা প্ৰশ্নটোৰ উত্তৰ কেনেকৈ দিব পাৰি, তাৰ বিষয়েও প্ৰস্ত্তত কৰক। হয়তো এই প্ৰশ্নৰ উত্তৰ আপুনি ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিবলগীয়া কোনো প্ৰকাশনত দিয়া হৈছে। নতুবা পুনৰ সাক্ষাতৰ সময়ত আপুনি পৰিচয় কৰিবলৈ ঠিৰাং কৰা, কোনো অধ্যয়নৰ প্ৰকাশনত হয়তো গৃহস্থক সোধা প্ৰশ্নৰ উত্তৰটো থাকিব পাৰে।
-
কোনো আগ্ৰহী ব্যক্তিৰ লগত কথা-বতৰা শেষ হোৱাৰ সময়ত, আপুনি তেওঁকো জানিবলৈ দিয়ক যে আপুনি তেওঁৰ লগত পুনৰ কথা পাতিবলৈ ইচ্ছা কৰে আৰু পুনৰ সাক্ষাতৰ বাবে আপুনি তৈয়াৰ কৰা এটা প্ৰশ্ন সুধি আহক। যদি সম্ভৱ হয়, তেনেহ’লে যোগাযোগৰ ঠিকনা লওক।
-
যদি আপুনি তেওঁক লগ ধৰিবলৈ কোনো দিন বা সময় দিছে, তেনেহ’লে নিজৰ কথা ৰাখক।—মথি ৫:৩৭.