খ্ৰীষ্টান হিচাপে জীৱন-যাপন
চিন্তা নকৰিবা
পৰ্ব্বতীয়া উপদেশত যীচুৱে শিষ্যসকলক এইদৰে কৈছিল: “শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা।” (মথি ৬:২৫) চয়তানৰ এই জগতত জীয়াই থকাৰ বাবে আমি কেতিয়াবা কেতিয়াবা চিন্তিত হৈ পৰোঁ আৰু এনে হোৱাটো স্বাভাৱিক। আচলতে যীচু খ্ৰীষ্টই নিজৰ শিষ্যসকলক প্ৰয়োজনতকৈ অধিক চিন্তা কৰাৰপৰা আঁতৰি থাকিবলৈ কৈছিল। (গীত ১৩:২) কিয় বাৰু? কিয়নো, যদি আমি দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বস্তুবোৰৰ বাবে বেছিকৈ চিন্তা কৰি থাকোঁ, তেনেহ’লে ইয়ে আমাক ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াত বাধা জন্মাব পাৰে। (মথি ৬:৩৩) যীচুৱে বৰ্ণনা কৰা পৰৱৰ্তী বিষয়বোৰে আমাক অযথা চিন্তা কৰাৰপৰা আঁতৰি থাকিবলৈ সহায় কৰিব।
-
মথি ৬:২৬—আকাশৰ চৰাইবোৰক আমি মনোযোগেৰে লক্ষ্য কৰিলে কি শিকিব পাৰোঁ? (w১৬.০৭-HI ৯-১০ ¶১১-১৩)
-
মথি ৬:২৭—অযথা চিন্তা কৰি থাকিলে, সময় আৰু শক্তি কেনেকৈ নষ্ট হয়? (w০৫ ১১/১ ২৮ ¶৫)
-
মথি ৬:২৮-৩০—পথাৰৰ কনাৰি ফুলৰপৰা আমি কি শিকিব পাৰোঁ? (w১৬.০৭-HI ১০-১১ ¶১৫-১৬)
-
মথি ৬:৩১, ৩২—জগতৰ লোকসকলৰপৰা সত্য খ্ৰীষ্টানসকল কেনেকৈ পৃথক? (w১৬.০৭-HI ১১ ¶১৭)
মই কি কি বিষয়ত চিন্তা কৰিব নিবিচাৰোঁ?