যীচুৱে লোকসকলক প্ৰেম কৰিছিল
গালীলৰ বিভিন্ন অঞ্চলত যীচুৱে কৰা সেৱাৰ কিছু অংশৰ বিষয়ে মথি ৮ আৰু ৯ অধ্যায়ত বৰ্ণনা কৰা হৈছে। লোকসকলক সুস্থ কৰাৰ সময়ত যীচুৱে কেৱল শক্তি প্ৰদৰ্শন কৰিছিল এনে নহয়, কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে যীচুৱে আন লোকসকলৰ প্ৰতি দয়া আৰু প্ৰেম দেখুৱাইছিল।
-
১. যীচুৱে এজন কুষ্ঠ ৰোগীক সুস্থ কৰিছিল।—মথি ৮:১-৩
-
২. যীচুৱে এজন সেনাপতিক সুস্থ কৰিছিল।—মথি ৮:৫-১৩
তেওঁ পিতৰৰ শাহুৱেকক সুস্থ কৰিছিল।—মথি ৮:১৪, ১৫
তেওঁ বহুতোলোকক দুষ্ট আত্মাৰ প্ৰভাৱৰপৰা মুক্ত কৰিছিল আৰু তেওঁলোকক সুস্থ কৰিছিল।—মথি ৮:১৬, ১৭
-
৩. যীচুৱে দুষ্ট আত্মাবোৰক বাহিৰ কৰিছিল আৰু সিঁহতক গাহৰিৰ জাকলৈ পঠাই দিছিল।—মথি ৮:২৮-৩২
-
৪. যীচুৱে এজন জঠৰ বা পেৰেলাইচ হোৱা ৰোগীক সুস্থ কৰিছিল।—মথি ৯:১-৮
যীচুৱে তেওঁৰ কাপোৰ স্পৰ্শ কৰা এগৰাকী তিৰোতাক সুস্থ কৰিছিল আৰু যায়ীৰ নামৰ ব্যক্তিজনৰ ছোৱালীজনীক পুনৰুত্থান কৰিছিল।—মথি ৯:১৮-২৬
তেওঁ অন্ধ আৰু বোবা লোকসকলক সুস্থ কৰিছল।—মথি ৯:২৭-৩৪
-
৫. যীচুৱে গাৱেঁ গাৱেঁ আৰু নগৰে নগৰে ভ্ৰমণ কৰি, বিভিন্ন ধৰণৰ ৰোগ আৰু শাৰীৰিক দুৰ্ব্বলতাবোৰ নিৰাময় কৰিছিল।—মথি ৯:৩৫, ৩৬
মোৰ আশে-পাশে থকা লোকসকলক আৰু বেছিকৈ মই কেনেকৈ প্ৰেম আৰু দয়া দেখুৱাব পাৰোঁ?