Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পিতৃ-মাতৃসকল, ল’ৰা-ছোৱালীক আধ্যাত্মিকতাত আগবাঢ়িবলৈ সহায় কৰক

পিতৃ-মাতৃসকল, ল’ৰা-ছোৱালীক আধ্যাত্মিকতাত আগবাঢ়িবলৈ সহায় কৰক

ঈশ্বৰৰ প্ৰতি ভয় ৰখা পিতৃ-মাতৃসকলে নিজৰ ল’ৰা-ছোৱালীক যিহোৱা ঈশ্বৰৰ বিশ্বাসী সেৱক হোৱাটো বিচাৰে। পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক সৰুৰেপৰা বাইবেলৰ সত্যতা শিকোৱাৰ যোগেদি এনে কৰিবলৈ সহায় কৰিব পাৰে। (দ্বিতী ৬:৭; হিতো ২২:৬) ইয়াৰ বাবে কিছুমান ত্যাগ কৰাৰ প্ৰয়োজন আছে নেকি? নিশ্চয়! কিন্তু মনত ৰাখিব পাৰোঁ যে পৰিশ্ৰমৰ বিনিময়ত যি ফল পোৱা যায়, সেয়া অতুলনীয়।—৩যোহ ৪.

পিতৃ-মাতৃসকলে, যোচেফ আৰু মৰিয়মৰপৰা বহুতো কথা শিকিব পাৰে। অসুবিধা আৰু খৰচ-পাতি হোৱাৰ সত্ত্বেও, তেওঁলোকে “বছৰে বছৰে নিস্তাৰ-পৰ্ব্বৰ সময়ত যিৰূচালেমলৈ” গৈছিল। (লূক ২:৪১) তেওঁলোকে পৰিয়ালৰ আধ্যাত্মিক প্ৰয়োজনীয়তাক প্ৰথম স্থান দিছিল। ঠিক সেইদৰে, বৰ্তমান সময়ত পিতৃ-মাতৃসকলে বাক্য আৰু কাৰ্য্যৰ যোগেদি নিজৰ ল’ৰা-ছোৱালীক শিক্ষা দি সঠিক নিৰ্ণয় ল’বলৈ সহায় কৰিব পাৰে।—গীত ১২৭:৩-৫.

তেওঁলোকে প্ৰতিটো সুযোগ গ্ৰহণ কৰিলে নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • জন আৰু চেৰণ স্বীলাৰে ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ লগতে কেনেকৈ যিহোৱাৰ সেৱা কৰিছিল?

  • প্ৰতিজন সন্তানক শিক্ষা দিয়া, নিৰ্দেশনা দিয়া আৰু শুধৰণি কৰাৰ বাবে পিতৃ-মাতৃসকলে কিয় বেলেগ বেলেগ উপায় অৱলম্বন কৰা উচিত?

  • পৰীক্ষাৰ সময়ত বিশ্বাসেৰে স্থিৰে থাকিবলৈ পিতৃ-মাতৃসকলে নিজৰ সন্তানক কেনেকৈ সাজু কৰিব পাৰে?

  • যিহোৱাৰ সংগঠনে এনে কি কি প্ৰকাশন আগবঢ়াইছে, যিবোৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ ল’ৰা-ছোৱালীক আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ সহায় কৰিব পাৰে?

আপোনাৰ পৰিয়ালত আধ্যাত্মিক কাৰ্য্যক প্ৰথম স্থান দিয়ক