Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

চ’চিয়েল নেটৱৰ্কিঙৰ বিপদৰপৰা সাৱধান!

চ’চিয়েল নেটৱৰ্কিঙৰ বিপদৰপৰা সাৱধান!

কিয় গুৰুত্বপূৰ্ণ: আন উপকৰণবোৰৰ দৰে চ’চিয়েল নেটৱৰ্কৰো ভাল আৰু বেয়া দিশ আছে। কিছুমান সত্য খ্ৰীষ্টানে চ’চিয়েল নেটৱৰ্ক ব্যৱহাৰ নকৰিবলৈ নিৰ্ণয় লৈছে। আন কিছুমান সত্য খ্ৰীষ্টানে চ’চিয়েল নেটৱৰ্কৰ যোগেদি নিজৰ পৰিয়াল আৰু বন্ধু-বৰ্গৰ সৈতে যোগাযোগ ৰাখে। কিন্তু আমি চ’চিয়েল নেটৱৰ্ক নভবা-নিচিন্তাকৈ ব্যৱহাৰ কৰাটো চয়তানে বিচাৰে আৰু ইয়ে আমাৰ মান-সন্মান আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। যীচুৰ দৰে আমিও বিপদবোৰ চিনাক্ত কৰিবলৈ আৰু সেইবোৰৰপৰা আঁতৰি থাকিবলৈ ঈশ্বৰৰ বাক্যত থকা সিদ্ধান্তবোৰ ব্যৱহাৰ কৰা উচিত।—লূক ৪:৪, ৮, ১২.

বিপদৰপৰা সাৱধান:

  • চ’চিয়েল মিডিয়াৰ অত্যাধিক ব্যৱহাৰ। চ’চিয়েল নেটৱৰ্ক বা চ’চিয়েল মিডিয়াত অতিৰিক্ত সময় অতিবাহিত কৰিলে, আধ্যাত্মিক কাৰ্য্যৰ বাবে থকা আমাৰ মূল্যৱান সময় নষ্ট হ’ব পাৰে

    বাইবেলৰ সিদ্ধান্ত: ইফি ৫:১৫, ১৬; ফিলি ১:৯, ১০

  • আপত্তিজনক বিষয়বোৰ চোৱা। উত্তেজিত কৰিব পৰা ছবি চোৱাৰ যোগেদি, এজন ব্যক্তিক অশ্লীল প্ৰকাশনবোৰ চোৱাৰ বাবে আসক্ত কৰিব পাৰে অথবা অনৈতিক কাৰ্য্যৰ বাবে পৰিচালিত কৰিব পাৰে। ধৰ্ম্মত্যাগীসকলৰ লেখনি বা তেওঁলোকৰ ইণ্টাৰনেট ব্ল’গ পঢ়িলে এজন ব্যক্তিৰ বিশ্বাস দুৰ্বল হ’ব পাৰে।

    বাইবেলৰ সিদ্ধান্ত: মথি ৫:২৮; ফিলি ৪:৮

  • চ’চিয়েল মিডিয়াত অশ্লীল ছবি দিয়া বা কথা লিখা। যিহেতু মানুহৰ মন কপটীয়া, সেইবাবে এজন ব্যক্তিয়ে চ’চিয়েল মিডিয়াত অশ্লীল ছবি দিবলৈ বা কথা লিখিবলৈ আগ্ৰহী হ’ব পাৰে। কিন্তু ইয়ে কাৰোবাৰ মান-সন্মান হানি কৰিব পাৰে বা আধ্যাত্মিক বিষয়বোৰত দুৰ্বল কৰি তুলিব পাৰে।

    বাইবেলৰ সিদ্ধান্ত: ৰোম ১৪:১৩; ইফি ৪:২৯

বুদ্ধিমতাৰে চ’চিয়েল নেটৱৰ্ক ব্যৱহাৰ কৰক নামৰ ভিডিঅ’খন চাওক আৰু তলত দেখুৱা পৰিস্থিতিবোৰৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰি তাৰ বিষয়ে আলোচনা কৰক: