Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপোনাৰ ব্যক্তিগত অধ্যয়ন আৰু লাভদায়ক কৰি তোলক

আপোনাৰ ব্যক্তিগত অধ্যয়ন আৰু লাভদায়ক কৰি তোলক

কিয় গুৰুত্বপূৰ্ণ: যদি আমি ঈশ্বৰৰ বাক্য ব্যক্তিগতভাৱে অধ্যয়ন কৰোঁ, তেনেহ’লে ইয়ে আমাক সত্যৰ “বহল, দীঘল, ওখ আৰু দৰ অনুভৱ” কৰিবলৈ সহায় কৰে। (ইফি ৩:১৮) ইয়াৰ উপৰিও, ইয়ে আমাক এই দুষ্ট জগতত নিষ্কলঙ্ক হৈ থাকিবলৈ আৰু ঈশ্বৰৰ বাক্য “দৃঢ়তাৰে ধৰি ৰাখিবলৈ” সহায় কৰে। (ফিলি ২:১৫, ১৬, NW) ব্যক্তিগতভাৱে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ আমি নিজৰ প্ৰয়োজনীয়তা অনুসৰি বিষয় বাছনি কৰিব পাৰোঁ। বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰপৰা বেছিকৈ লাভৱান হ’বলৈ আমি কি কৰিব পাৰোঁ?

ইয়াক কেনেকৈ কৰিব:

  • নিজৰ বাইবেলৰ পদবোৰত দাগ দিয়ক আৰু টোকা লিখক। আপুনি ফোন বা টেবলেটটো এইদৰে কৰিব পাৰে

  • ঈশ্বৰৰ বাক্য পঢ়াৰ সময়ত নিজকে এইদৰে সোধক: ‘কোন? কি? কেতিয়া? ক’ত? কিয়? কেনেকৈ?’

  • তথ্যবোৰ বিচাৰক। উপলব্ধ থকা অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক, কোনো এটা বিষয় বা বাইবেলৰ পদ অনুসন্ধান কৰক

  • আপুনি পঢ়া বিষয়বোৰ নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰে, তাৰ ওপৰত ধ্যান কৰক

  • শিকা বিষয়বোৰ আপুনি নিজৰ দৈনন্দিন জীৱনত পালন কৰক।​—লূক ৬:৪৭, ৪৮

দৃঢ়তাৰে ধৰি ৰাখক—প্ৰভাৱশালী ব্যক্তিগত অধ্যয়নৰ যোগেদি নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ব্যক্তিগত অধ্যয়নৰ বিষয়ে কিছুমান ভাই-ভনীয়ে কি কয়?

  • ব্যক্তিগত অধ্যয়ন কৰাৰ আগতে আমি কিয় প্ৰাৰ্থনা কৰা উচিত?

  • বাইবেলৰ পদ ভালদৰে বুজিবলৈ আমাক কিহে সহায় কৰিব?

  • বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি কেনেধৰণৰ দাগ দিব পাৰোঁ?

  • ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ সময়ত ধ্যান কৰাটো কিয় অতি প্ৰয়োজন?

  • শিকাৰ পাছত আমি কি কৰা উচিত?

“মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ। ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়।” —গীত ১১৯:৯৭