Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি?

যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি?

আমাৰ জীৱনৰ সৰু-ডাঙৰ নিৰ্ণয় লোৱাৰ আগতে আমি যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি, তাক জানিব বিচাৰোঁনে? আমি যিহোৱা ঈশ্বৰৰ বিষয়ে সকলো কথা জনাটো সম্ভৱ নহয়। কিন্তু বাইবেলত তেওঁ নিজৰ বিষয়ে বহুতো কথা উল্লেখ কৰিছে, যিয়ে আমাক “সকলো সৎকৰ্ম্ম” কৰিবলৈ সহায় কৰে। (২তীম ৩:১৬, ১৭; ৰোম ১১:৩৩, ৩৪) যিহোৱা ঈশ্বৰৰ ইচ্ছা যীচুৱে ভালদৰে জানিছিল আৰু তেওঁৰ ইচ্ছাৰ অনুসৰি নিজৰ জীৱন অতিবাহিত কৰিছিল। (যোহ ৪:৩৪) গতিকে, আমিও যীচুৰ দৰে যিহোৱা ঈশ্বৰক আনন্দিত কৰিব পৰা নিৰ্ণয় ল’ব পাৰোঁ।—যোহ ৮:২৮, ২৯; ইফি ৫:১৫-১৭.

যিহোৱাৰ ইচ্ছা জানিবলৈ চেষ্টা কৰক (লেবী ১৯:১৮) নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমি জীৱনত বাইবেলৰ সিদ্ধান্ত কিয় পালন কৰা উচিত?

  • আমি কোনটো সিদ্ধান্ত মনত ৰাখি সংগীত বাছনি কৰা উচিত?

  • আমি কোনটো সিদ্ধান্ত মনত ৰাখি সাজ-পাৰ পৰিধান কৰা উচিত?

  • আমি আৰু কি কি ক্ষেত্ৰত বাইবেলৰ সিদ্ধান্ত পালন কৰা উচিত?

  • যিহোৱাৰ ইচ্ছা আৰু ভালদৰে জানিবলৈ আমি কি কৰিব পাৰোঁ?

মোৰ নিৰ্ণয়ে যিহোৱাৰ লগত থকা সম্পৰ্কৰ বিষয়ে কি প্ৰমাণ কৰে?