Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰক

ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰক

আমি কিয় ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰা উচিত? কিয়নো যেতিয়া আমি কোনো এখন চিনেমা চাওঁ, গীত শুনো, কোনো এটা ৱেবছাইট চাওঁ বা কোনো এখন ভিডিঅ’ গেম খেলোঁ, তেতিয়া সেইবোৰেই আমাৰ মন আৰু হদয়ত ভৰি পৰে। আমাৰ বাছনিয়ে আমাৰ ব্যৱহাৰৰ ওপৰত প্ৰভাৱ পেলায়। কিন্তু দুখৰ বিষয় যে আজি বেছিভাগ মনোৰঞ্জনত এনে কিছুমান বিষয় জড়িত হৈ আছে, যাক যিহোৱা ঈশ্বৰে ঘিণ কৰে। (গীত ১১:৫; গালা ৫:১৯-২১) সেইবাবে, যিহোৱা ঈশ্বৰক মহিমান্বিত কৰা বিষয়বোৰৰ ওপৰত ধ্যান দিবলৈ বাইবেলে আমাক পৰামৰ্শ দিছে।—ফিলি ৪:৮.

মই কেনেধৰণৰ মনোৰঞ্জন বাছনি কৰা উচিত? নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • বৰ্তমান সময়ৰ কিছুমান মনোৰঞ্জন কেনেকৈ প্ৰাচীন ৰোমৰ গ্লেডিয়েটৰ খেল-ধেমালিৰ লগত মিল আছে?

  • মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ কিশোৰ-কিশোৰীসকলক ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰিবলৈ সহায় কৰিব পাৰে?

  • ৰোমীয়া ১২:৯ পদটো মনত ৰাখি আমি কেনেধৰণৰ মনোৰঞ্জন বাছনি কৰা উচিত?

  • আপোনাৰ এলেকাত কি কি ভাল মনোৰঞ্জন আছে?