ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৪-৫
“মই তোমাৰ মুখৰ সহায় হৈ, তুমি কব লগীয়া কথা তোমাক শিকাম।”
৪:১০-১৫
যিহোৱাৰ সহায়ত মোচিয়ে নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰিলে। যিহোৱাই মোচিক যি কৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?
আমি নিজৰ দুৰ্বলতাৰ বিষয়ে চিন্তা কৰি থকা উচিত নহয়
আমি ভৰসা কৰিব পাৰোঁ যে আমাৰ দায়িত্ববোৰ পূৰ কৰিবলৈ, যিহোৱাই আমাক প্ৰয়োজন হোৱা সকলো সহায় আগবঢ়াব
যদি যিহোৱাৰ ওপৰত আমাৰ বিশ্বাস আছে, তেনেহʼলে আমি মানুহলৈ ভয় নকৰিম
সমস্যাৰ সত্ত্বেও যিহোৱাই মোক কেনেকৈ প্ৰচাৰ কৰি থাকিবলৈ সহায় কৰিলে?