Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

হৃদয় স্পৰ্শ কৰক

হৃদয় স্পৰ্শ কৰক

আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ আজ্ঞা পালন কৰাটো তেওঁ বিচাৰে। (হিতো ৩:১) আমি লোকসকলক এনেদৰে শিকাব লাগে, যাতে তেওঁলোকৰ হৃদয় স্পৰ্শ হয়। কিন্তু এতিয়া প্ৰশ্ন হৈছে এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

বিদ্যাৰ্থীক কেৱল শিকোৱাই যথেষ্ট নহয়। কিন্তু তেওঁ শিকা কথাবোৰ পালন কৰিলেহে যিহোৱাৰ লগত তেওঁ এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব। আমি তেওঁক বুজাব লাগিব যে যিহোৱাই যি সিদ্ধান্ত দিছে, তাৰপৰা কেনেকৈ বুজিব পাৰি যে যিহোৱা এজন প্ৰেমী ঈশ্বৰ হয় আৰু তেওঁ দিয়া সিদ্ধান্তবোৰ পালন কৰিলে আমাৰ নিজৰে লাভ হʼব। বিদ্যাৰ্থীয়ে যি শিকিছে, তাৰ বিষয়ে তেওঁ কি ভাবে, সেয়া বুজিবলৈ আমি প্ৰশ্ন সুধিব পাৰোঁ। যদি তেওঁৰ কিবা বিষয়ত ভুলধাৰণা বা বেয়া অভ্যাস আছে, তেনেহʼলে সেয়া সলনি কৰিলে কি লাভ হʼব, তাৰ বিষয়ে আমি যুক্তি দিব পাৰোঁ। যদি তেওঁ শিকা কথাবোৰ পালন কৰে, তেনেহʼলে আমি আনন্দিত হম।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক​—নিজৰ দক্ষতা উন্নতি কৰক—হৃদয় স্পৰ্শ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নিতাই গ্ৰেচক এইদৰে কিয় সুধিছিল “আমি যি কথা পাতিছিলোঁ, তাৰ বিষয়ে তুমি ভাবিছিলানে?”

  • যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে কিছুমান নিয়ম দিছে বুলি নিতাই কেনেকৈ যুক্তি দিলে?

  • আমি যদি বিদ্যাৰ্থীৰ হৃদয় স্পৰ্শ কৰোঁ, তেনেহʼলে তেওঁ নিজে যিহোৱাৰ কাষ চাপিব

    যিহোৱাৰ প্ৰতি থকা গ্ৰেচৰ প্ৰেম প্ৰকাশ কৰিবলৈ নিতাই তাইক কেনেকৈ যুক্তি দিলে?