Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘কেতিয়াও চিন্তা নকৰিব’

‘কেতিয়াও চিন্তা নকৰিব’

যিহোৱাই দুখীয়া ইস্ৰায়েলীসকলক সহায় কৰিছিল। ঠিক সেইদৰে আজিও যিহোৱাই নিজৰ দুখীয়া সেৱকসকলক কেনেকৈ সহায় কৰে?

  • ধন-সম্পত্তিৰ প্ৰতি সঠিক দৃষ্টি ভংগী বজাই ৰাখিবলৈ যিহোৱাই তেওঁলোকক শিকাইছে।—লূক ১২:১৫; ১তীম ৬:৬-৮

  • যিহোৱাই তেওঁলোকক আত্ম-সন্মান বজাই ৰাখিবলৈ শিকাইছে।—ইয়ো ৩৪:১৯

  • যিহোৱাই তেওঁলোকক পৰিশ্ৰমী হʼবলৈ আৰু বেয়া অভ্যাসবোৰৰপৰা আঁতৰি থাকিবলৈ শিকাইছে।—হিতো ১৪:২৩; ২০:১; ২কৰি ৭:১

  • যিহোৱাই তেওঁলোকক ভাই-ভনীসকলৰ এক পৰিয়াল দিছে, যিয়ে তেওঁলোকৰ যত্ন লয়।—যোহ ১৩:৩৫; ১যোহ ৩:১৭, ১৮

  • যিহোৱাই তেওঁলোকক এক আশা দিছে।—গীত ৯:১৮; যিচ ৬৫:২১-২৩

আমাৰ পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, আমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। (যিচ ৩০:১৫) কিয়নো আমি জীৱনত যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিলে, যিহোৱাই আমাৰ সকলো প্ৰয়োজনীয়তা নিশ্চয় পূৰ কৰিব।—মথি ৬:৩১-৩৩.

প্ৰেম কেতিয়াও লুপ্ত নহব . . . অভাৱ হোৱাৰ সত্ত্বেও—কংগো নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • যʼত অধিৱেশন হয়, সেই ঠাইৰ ভাই-ভনীসকলে আন ঠাইৰপৰা অহা ভাই-ভনীসকলক কেনেকৈ সহায় কৰে?

  • এই ভিডিঅʼখনৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই দুখীয়া ভাই-ভনীসকলৰ যত্ন লয়?

  • আমি ধনী বা দুখীয়া যিয়ে নহওঁ কিয়, আনক সহায় কৰিবলৈ আমি কি কৰিব পাৰোঁ?