ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক
সহানুভূতি দেখুৱাওক
সহানুভূতি দেখুৱাৰ অৰ্থ হৈছে লোকসকলৰ ভাৱনা, চিন্তাধাৰা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে বুজি পোৱা। এই গুণে লোকসকলক সহায় কৰিবলৈ আমাক উৎসাহিত কৰে। সহানুভূতি দেখুৱালে লোকসকলে বুজি পাব যে আমি তেওঁলোকক অন্তৰৰপৰা সহায় কৰিব বিচাৰোঁ। যদি আমি প্ৰচাৰ কাৰ্য্যত লোকসকলক সহানুভূতি দেখুৱাওঁ, তেনেহʼলে তেওঁলোকে যিহোৱাৰ প্ৰেম অনুভৱ কৰিব আৰু তেওঁৰ প্ৰতি আকৰ্ষিত হʼব।—ফিলি ২:৪.
আমি কোনো এজন ব্যক্তিক ওপৰে ওপৰে সহানুভূতি দেখুওৱা উচিত নহয়। আমি আমাৰ কথা-বতৰা, অংগি-ভংগি আৰু কামৰ যোগেদি সহানুভূতি দেখুওৱা উচিত। এইদৰে কৰিবলৈ আমি ব্যক্তিজনৰ আগ্ৰহ, বিশ্বাস আৰু পৰিস্থিতিৰ প্ৰতি ধ্যান দিয়া উচিত। বিদ্যাৰ্থীয়ে নিজকে সলনি কৰিবই লাগিব বুলি হেঁচা দিয়াৰ পৰিৰ্ৱতে আমি তেওঁক জনাব পাৰোঁ যে তেওঁ নিজকে সলনি কৰিবলৈ কি কৰা উচিত। যেতিয়া তেওঁ নিজ ইচ্ছাৰে সলনি হয়, তেতিয়া এয়া দেখি আমি আনন্দিত হম।
শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—সহানুভূতি দেখুৱাওক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
যেতিয়া গ্ৰেচে দেৰিকৈ আহিছিল, তেতিয়া নিতাই কেনেকৈ সহানুভূতি দেখুৱালে?
-
যেতিয়া গ্ৰেচে ভাগৰি গৈছোঁ আৰু অধ্যয়ন কৰিব নোৱাৰিম বুলি কৈছিল, তেতিয়া নিতাই কেনেকৈ তাইৰ দুখ বুজি পালে?
-
গ্ৰেচে কোনো কাম শৃংখলাবদ্ধভাৱে কৰিব নোৱাৰোঁ বুলি কোৱাৰ সময়ত নিতাই কেনেকৈ তাইৰ প্ৰতি সহানুভূতি দেখুৱালে?