Skip to content

Skip to table of contents

ৰজা চলোমনে মন্দিৰৰ নিৰ্মাণ কাম কিমান আগবাঢ়িছে, তাৰ চোৱা-চিতা কৰিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে

তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে

চলোমনে মন্দিৰ বনাবলৈ আটাইতকৈ উত্তম বস্তু ব্যৱহাৰ কৰিলে (১ৰাজা ৫:৬, ১৭; w৯৯-HI ১/১ ৩২)

বহুতোলোকে এই কামত সহায় কৰিলে (১ৰাজা ৫:১৩-১৬; it-১-E ৪২৪; it-২-E ১০৭৭ ¶১)

চলোমন আৰু লোকসকলে সাত বছৰ ধৰি কঠিন পৰিশ্ৰম কৰি মন্দিৰ বনালে (১ৰাজা ৬:৩৮; বেটুপাতত দিয়া ছবিখন চাওক)

চলোমন আৰু তেওঁৰ প্ৰজাই মনে-প্ৰাণে কাম কৰিলে, সেইবাবে তেওঁলোকে এখন ধুনীয়া মন্দিৰ বনাব পাৰিলে। ইয়াৰপৰা যিহোৱাৰ মহিমা হʼল। কিন্তু যিহোৱাৰ উপাসনাৰ বাবে তেওঁলোকৰ যি উৎসাহ আছিল, সেই উৎসাহ পিছৰ প্ৰজন্মৰ নাছিল। তেওঁলোকে মন্দিৰৰ চোৱা-চিতা নকৰিলে, সেইবাবে পাছলৈ মন্দিৰ নাশ হʼল।

নিজকে সোধক, ‘যিহোৱাৰ সেৱাৰ বাবে মোৰ উৎসাহ কম নহʼবলৈ মই কি কৰি আছোঁ?’