ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
দুটা স্তম্ভৰপৰা আমি কি শিকিব পাৰোঁ?
মন্দিৰৰ বাৰাণ্ডাত দুটা ওখ স্তম্ভ স্থাপন কৰা হʼল (১ৰাজা ৭:১৫, ১৬; w১৩-E ১২/১ ১৩ ¶৩)
স্তম্ভবোৰক অৰ্থপূৰ্ণ নাম দিয়া হʼল। যাখীনৰ অৰ্থ হৈছে “যিহোৱাই দৃঢ়তাৰে ৰাখক” আৰু হয়তো বোৱজৰ অৰ্থ হৈছে “শক্তিৰে সৈতে” (১ৰাজা ৭:২১; it-১-E ৩৪৮)
যেতিয়ালৈকে যিহোৱাৰ লোকসকলে তেওঁৰ ওপৰত নিৰ্ভৰ আছিল, তেতিয়ালৈকে যিহোৱাই তেওঁলোকক সহায় কৰি থাকিল আৰু মন্দিৰক দৃঢ়তাৰে ৰাখিলে (গীত ১২৭:১)
বাইবেলৰ সত্যতা শিকি থকাৰ সময়ত যিহোৱাই আমাক বহুতো সমস্যাৰ সন্মুখীন হʼবলৈ সহায় কৰিলে। কিন্তু এতিয়াও আমি যিহোৱাৰ ওপৰত নিৰ্ভৰ হৈ থকাটো অতি প্ৰয়োজন। তেতিয়াহে আমি “বিশ্বাসত সুস্থিৰ” অৰ্থাৎ থিৰে থাকিব পাৰিম।—১কৰি ১৬:১৩.
নিজকে সোধক, ‘মই যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰোঁনে? এয়া মই কেনেকৈ দেখুৱাব পাৰোঁ?’