খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান
চেপ্টেম্বৰ মাহত আমি সকলোৰে লগত এক অনন্ত জীৱন! ব্ৰচাৰখনৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। প্ৰচাৰকসকলে যদি বিচাৰে এই মাহত ৩০ ঘন্টাৰ সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে। এই অভিযানত আমি কি কৰিম?
-
প্ৰথম সাক্ষাৎ: এজন ব্যক্তিৰ লগত ব্যক্তিগত আগ্ৰহ দেখুৱাই সাধাৰণভাৱে কথা-বতৰা আৰম্ভ কৰক আৰু কথা-বতৰা আগবঢ়াই লৈ যাওক। (ফিলি ২:৪) বহুবাৰ কথা-বতৰা হোৱাৰ পাছত যদি সম্ভৱ হয়, তেন্তে আপুনি তেওঁক ঈশ্বৰৰ বিষয়ে কʼব পাৰে। যদি ব্যক্তিজনে সঁচাকৈ আগ্ৰহ দেখুৱাই আৰু বেছিকৈ আলোচনা কৰিব বিচাৰে, তেন্তে বাইবেল অধ্যয়নৰ বিষয়ে কওক। যিসকলে আগতে অলপ আগ্ৰহ দেখুৱাইছিল, তেওঁলোকৰ লগতে আপুনি পুনৰ সাক্ষাৎ কৰা লোকসকলকো নাপাহৰিব। যদিও আগতে তেওঁলোকে অধ্যয়ন কৰিবলৈ মানা কৰিছিল, কিন্তু এতিয়া এই ব্ৰচাৰৰ যোগেদি নতুন উপায়েৰে তেওঁলোকে অধ্যয়ন কৰিবলৈ বিচাৰিব পাৰে। যদি কোনো এখন ঘৰত মানুহ নাই, তেনেহʼলে তাত ব্ৰচাৰখন এৰি থৈ নাহিব। যিসকলে আগতে আগ্ৰহ দেখুৱা নাছিল, তেওঁলোককো ব্ৰচাৰখন খামত ভৰাই নপঠিয়াব। মণ্ডলীৰ সেৱা সমিতিয়ে এই মাহত প্ৰচাৰৰ বাবে আৰু কিছুমান সভা ৰাখিব পাৰে।
-
আন সুযোগবোৰ: যদি আপোনাৰ মণ্ডলীয়ে কাৰ্ট লগাই সাক্ষ্য দিয়ে, তেনেহʼলে আপুনি তাত এক অনন্ত জীৱন! ব্ৰচাৰখন থʼব পাৰে। যদি কোনোবাই ব্ৰচাৰখন লʼব বিচাৰে, তেনেহʼলে আপুনি তেওঁক কʼব পাৰে যে আপুনি তেওঁৰ লগত বাইবেলৰপৰা আলোচনা কৰিব পাৰে আৰু ইয়াৰ বাবে তেওঁৰপৰা কোনো টকা-পইচা লোৱা নহʼব। প্ৰচাৰ সমূহৰ অধ্যক্ষই যদি বিচাৰে, তেনেহʼলে এনে কিছুমান ভাই-ভনীক বিজনেচ এলেকাত পঠিয়াব পাৰে, যিসকলে তাত ভালদৰে প্ৰচাৰ কৰিব পাৰিব। আপুনি কামৰ ঠাইত আৰু সুযোগ বিচাৰি প্ৰচাৰ কৰাৰ সময়তো যদি লোকসকলে আগ্ৰহ দেখুৱায়, তেনেহʼলে তেওঁলোকক বাইবেল অধ্যয়নৰ বিষয়ে কʼব পাৰে।
যীচুৱে আমাক লোকসকলক “শিক্ষা” দিবলৈ আৰু তেওঁলোকক “শিষ্য” বনাবলৈ আজ্ঞা দিছে। (মথি ২৮:১৯, ২০) আমাৰ আশা আছে যে এই বিশেষ অভিযানত এক অনন্ত জীৱন! ব্ৰচাৰখনৰপৰা আমি এই কাম ভালদৰে কৰিব পাৰিম।