ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
ঈশ্বৰীয় বুদ্ধি মূল্যৱান হয়
চলোমনে যিহোৱাৰপৰা বুদ্ধি বিচাৰিলে (১ৰাজা ৩:৭-৯; w১১-HI ১২/১৫ ৮ ¶৪-৬)
চলোমনৰ মিনতি শুনি যিহোৱাই আনন্দিত হʼল (১ৰাজা ৩:১০-১৩)
চলোমনে বুদ্ধিমতাৰে কাম কৰিলে, সেইবাবে তেওঁৰ ৰাজ্যত আন ৰাষ্ট্ৰবোৰৰপৰা কোনো ভয় নাছিল। লোকসকলে শান্তিৰে জীৱন-যাপন কৰিলে (১ৰাজা ৪:২৫)
বুদ্ধিমতাৰে কাম কৰাৰ অৰ্থ হৈছে কোনো এটা পৰিস্থিতিৰ বিষয়ে সকলো কথা ভালদৰে জনা আৰু তাৰ বিষয়ে ভালদৰে বুজি পোৱা আৰু তাৰ অনুসৰি কাম কৰা। বাইবেলত লিখা আছে যে সোণতকৈ বুদ্ধি উত্তম। (হিতো ১৬:১৬) আমি কেনেকৈ সেই বুদ্ধি লাভ কৰিব পাৰোঁ? আমি ঈশ্বৰৰপৰা বুদ্ধি বিচাৰিব লাগিব, তেওঁলৈ ভয় ৰাখিব লাগিব, নম্ৰ হʼব লাগিব, মৰ্য্যাদাত থাকিব লাগিব আৰু গভীৰভাৱে বাইবেল অধ্যয়ন কৰিব লাগিব, তেতিয়াহে ঈশ্বৰে আমাক বুদ্ধি দিব।