Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান

ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান

ঈশ্বৰৰ ৰাজ্যইহে মানুহৰ সকলো সমস্যা দূৰ কৰিব পাৰে বুলি লোকসকলক জনাবলৈ আমি চেপ্টেম্বৰ মাহত কঠিন পৰিশ্ৰম কৰিম। (মথি ২৪:১৪) এই অভিযানত ভাগ লʼবলৈ আপুনি কি কৰিব পাৰে? বেছিতকৈ বেছি লোকক ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত কোনো পদ পঢ়ি তাৰ বিষয়ে জনাওক। যদি কোনোবাই ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰে, তেনেহʼলে তেওঁক জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গ (হিন্দী) নং ২, ২০২০ দিয়ক। তাৰ পাছত অতি সোনকালে তেওঁক আকৌ লগ কৰক আৰু দুখ-কষ্ট নথকা এক অনন্ত জীৱন! ব্ৰচাৰখনৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। প্ৰচাৰকসকলে যদি বিচাৰে এই মাহত ১৫ বা ৩০ ঘন্টাৰ সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে।

অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই তাক বিৰোধ কৰা সকলো চৰকাৰক নাশ কৰিব। (দানি ২:৪৪; ১কৰি ১৫:২৪, ২৫) গতিকে আহক আমি এই বিশেষ অভিযানত উৎসাহেৰে ভাগ লওঁ আৰু যিহোৱা আৰু তেওঁৰ ৰাজ্যক সম্পূৰ্ণৰূপে সহযোগ কৰোঁ বুলি দেখুৱাও।