Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নতুন সেৱা বছৰৰ বাবে আপুনি কি কি লক্ষ্য ৰাখিছে?

নতুন সেৱা বছৰৰ বাবে আপুনি কি কি লক্ষ্য ৰাখিছে?

আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ। ইয়াৰ বাবে কিছুমান লক্ষ্য ৰখা আৰু তাক পাবলৈ পৰিশ্ৰম কৰাটো অতি প্ৰয়োজন। যদিও সেই লক্ষ্যবোৰ পাবলৈ আমি নিজৰ সময় আৰু শক্তি দিবলগীয়া হয়, তথাপি আমি এয়া কৰোঁ। কাৰণ ইয়াৰ পৰা আমাৰ বহুতো লাভ হয়। আমি সত্যত উন্নতিও কৰিব পাৰোঁ। (১তীম ৪:১৫) আমি মাজে-সময়ে নিজৰ লক্ষ্যক চালি-জাৰি চোৱা উচিত, কিয়নো পৰিস্থিতি সলনি হৈ থাকে। আমি আগতে যি লক্ষ্য ৰাখিছিলোঁ, সেয়া পাবলৈ এতিয়া কঠিন হʼব পাৰে বা আমি সেই লক্ষ্য পালোঁ আৰু এতিয়া বেলেগ লক্ষ্য ৰাখিব পাৰোঁ।

নিজৰ লক্ষ্য চালি-জাৰি চোৱাৰ উচিত সময় কি? নতুন সেৱা বছৰ আৰম্ভণি হোৱাৰ আগতেই আপুনি এইদৰে কৰিব পাৰে। আপুনি ইয়াৰ বিষয়ে পাৰিবাৰিক উপাসনাত আলোচনা কৰিব পাৰে। পৰিয়াল হিচাপে আৰু নিজৰ বাবে আপুনি কিছুমান লক্ষ্য ৰাখিব পাৰে।

তলত কোৱা বিষয়বোৰত আপুনি কি কি লক্ষ্য ৰাখিব পাৰে আৰু এই লক্ষ্যবোৰ পাবলৈ আপুনি কি কি কৰিব পাৰে?

বাইবেল পঢ়া, ব্যক্তিগত অধ্যয়ন, সভালৈ যোৱা আৰু উত্তৰ দিয়া।—w০২ ৬/১ ২২-২৩ ¶১৪-১৫

প্ৰচাৰ সেৱা।—w২৩.০৫ ২৭ ¶৪-৫

ভাল গুণ।—w২২.০৪ ২৩ ¶৫-৬

আন লক্ষ্য: