Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

বন্ধু বাছনি কৰাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকক

বন্ধু বাছনি কৰাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকক

অম্মোনীয়া আৰু মোৱাবীয়া লোকসকলে ‘সমাজত সোমাব নোৱাৰিছিল,’ কিয়নো অতীতত তেওঁলোকে ঈশ্বৰৰ লোকসকলক বিৰোধ কৰিছিল (নহি ১৩:১, ২; it-১-E ৯৫ ¶৫)

মহাপুৰোহিত ইলিয়াচীবে এজন অম্মোনীয়া ব্যক্তিক মন্দিৰৰ বস্তু থোৱা এটা কোঠালি দিছিল (নহি ১৩:৪, ৫; w১৩-HI ৮/১৫ ৪ ¶৫-৬)

ইলিয়াচীব আৰু ঈশ্বৰৰ শত্ৰুসকলে যি সন্ধি কৰিছিল, তাক নহিমিয়াই শেষ কৰিলে। এইদৰে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিল (নহি ১৩:৭-৯)

যদি আমি যিহোৱাক প্ৰেম নকৰা লোকসকলৰ লগত বন্ধুত্ব কৰিম, তেনেহʼলে আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিমনে?—w৯৬-HI ৩/১৫ ১৬ ¶৬.

নিজকে সোধক: ‘মই যেনেধৰণৰ বন্ধু বাছনি কৰোঁ, তাৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?ʼ