Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ দৰে প্ৰকৃত প্ৰেম দেখুৱাওক

যিহোৱাৰ দৰে প্ৰকৃত প্ৰেম দেখুৱাওক

যিহোৱা প্ৰকৃত প্ৰেম দেখুৱাৰ আটাইতকৈ ভাল উদাহৰণ। (গীত ১০৩:১১) কাৰোবাৰ সুন্দৰতা দেখি হোৱা প্ৰেমক প্ৰকৃত প্ৰেম বুলি কʼব নোৱাৰি, যি অলপ সময়লৈকে থাকে। ইয়াৰ পৰিৱৰ্তে প্ৰকৃত প্ৰেম গভীৰ হয় আৰু চিৰকালৈকে থাকে। যিসকলৰ মাজত প্ৰকৃত প্ৰেম থাকে, তেওঁলোকে এজন-আনজনক কেতিয়াও নেৰে। যিহোৱাই বিভিন্ন উপায়েৰে ইস্ৰায়েলীসকলক প্ৰকৃত প্ৰেম দেখুৱালে। যেনে, তেওঁ ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰ পৰা মুকলি কৰিলে আৰু প্ৰতিজ্ঞা কৰা দেশত লৈ গʼল। (গীত ১০৫:৪২-৪৪) তেওঁ নিজৰ লোকসকলৰ বাবে যুদ্ধ কৰিলে আৰু বাৰে বাৰে পাপ কৰাৰ সত্ত্বেও তেওঁলোকক ক্ষমা কৰি থাকিল। (গীত ১০৭:১৯, ২০) যেতিয়া আমি ‘যিহোৱাৰ নানাবিধ দয়া [প্ৰকৃত প্ৰেম] বিবেচনা কৰিম,’ তেতিয়া আমিও তেওঁৰ দৰে হʼবলৈ উৎসাহিত হম।—গীত ১০৭:৪৩.

“ʼযিহোৱাৰ নানাবিধ দয়াৰ’ বিষয়ে ভালদৰে বিবেচনা কৰক”  নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমি কি কি উপায়েৰে প্ৰকৃত প্ৰেম দেখুৱাব পাৰোঁ?

  • প্ৰকৃত প্ৰেম দেখুৱাবলৈ কিয় ত্যাগ কৰাৰ প্ৰয়োজন?