Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

তেওঁলোকে আমাৰ বাবে কঠিন পৰিশ্ৰম কৰে

তেওঁলোকে আমাৰ বাবে কঠিন পৰিশ্ৰম কৰে

চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীয়ে ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰিবলৈ বহুতো ত্যাগ কৰে। আমাৰ নিচিনা তেওঁলোকৰো কিছুমান প্ৰয়োজনীয়তা থাকে। তেওঁলোকেও কেতিয়াবা কেতিয়াবা ভাগৰি যায়, নিৰাশ হয় আৰু চিন্তিত হৈ পৰে। (যাকো ৫:১৭) তথাপিও তেওঁলোকে প্ৰতি সপ্তাহে যিবোৰ মণ্ডলীলৈ যায়, তাৰ ভাই-ভনীসকলক উৎসাহিত কৰাৰ প্ৰতি ধ্যান দিয়ে। সঁচাকৈ, চাৰ্কিট ওভাৰচিয়াৰ ‘দুগুণ সমাদৰ’ পোৱাৰ যোগ্য।—১তীম ৫:১৭.

এবাৰ পাঁচনি পৌলে ৰোমলৈ যোৱাৰ কথা ভাবিছিল যাতে তাত থকা ভাই-ভনীসকলক ‘আত্মিক বৰৰ ভাগী কৰিব’ পাৰে অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আশীৰ্বাদ দিব পাৰে। ইয়াৰ লগতে এজনে-আনজনক “আশ্বাস” দিবলৈ অৰ্থাৎ উৎসাহিত কৰিবলৈ তেওঁলোকক লগ কৰিব বিচাৰিছিল। (ৰোম ১:১১, ১২) আপুনি নিজৰ চাৰ্কিট ওভাৰচিয়াৰক আৰু যদি তেওঁ বিবাহিত, তেনেহʼলে তেওঁৰ পত্নীকো কেনেকৈ উৎসাহিত কৰিব পাৰে, তাৰ বিষয়ে ভাবিছেনে?

গাঁৱত চাৰ্কিট ওভাৰচিয়াৰৰ জীৱন-প্ৰণালী নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীয়ে মণ্ডলীৰ ভাই-ভনীসকলৰ প্ৰতি কেনেকৈ প্ৰেম দেখুৱাই আৰু ত্যাগ কৰে?

  • তেওঁলোকৰ পৰিশ্ৰমৰ পৰা আপোনাৰ কি লাভ হৈছে?

  • আমি তেওঁলোকক কেনেকৈ উৎসাহিত কৰিব পাৰোঁ?