ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“কাৰ্য্য চলিবলৈ দিয়া”
মন্দিৰ পুনৰ নিৰ্মাণ কাম নিষেধ কৰা হৈছিল, তথাপি মহাপুৰোহিত যেচূৱা (যিহোচূৱা) আৰু ৰাজ্যপাল জৰুব্বাবিলে এই কাম আৰম্ভ কৰিলে (ইজ্ৰা ৫:১, ২; w২২.০৩ ১৭ ¶১৩)
যেতিয়া বিৰোধীসকলে যিহূদীসকলক সুধিলে যে এই কাম কৰিবলৈ কোনে অনুমতি দিছে, তেতিয়া তেওঁলোকে কোৰচ ৰজাই কৰা ঘোষণাৰ বিষয়ে কʼলে (ইজ্ৰা ৫:৩, ১৭; w৮৬-E ২/১ ২৯, box ¶২-৩)
ৰজাই চালি-জাৰি চাই দেখিলে যে যিহূদীসকলৰ কথা সঁচা হয়। সেইবাবে, তেওঁ বিৰোধীসকলক যিহূদীসকলৰ কামত বাধা দিয়াৰ পৰিৱৰ্তে সহায় কৰিবলৈ আদেশ দিলে (ইজ্ৰা ৬:৭, ৮; w২২.০৩ ১৫ ¶৭)
ধ্যানৰ বাবে প্ৰশ্ন: এই ঘটনাৰ পৰা কেনেকৈ জানিব পাৰি যে আমি নেতৃত্ব লোৱা ভাইসকলৰ সেই নিৰ্দেশনাবোৰ পালন কৰা উচিত, যিবোৰ আমি হয়তো ভালদৰে বুজি নাপাওঁ বা আমাক আচৰিত যেন লাগে?—w২২.০৩ ১৯ ¶১৬.