যীচুৰ পিচে পিচে যাবলৈ আমি কি কৰা উচিত?
এজন খেতিয়কে যদি পোনকৈ হাল বাব বিচাৰে, তেনেহ’লে তেওঁ বাৰে বাৰে উভতি চাই নিজকে বিচলিত কৰা উচিত নহ’ব। ঠিক সেইদৰে, এজন সত্য খ্ৰীষ্টানে জীৱনত ত্যাগ কৰি অহা বস্তুবোৰৰ বিষয়ে চিন্তা কৰি থাকিলে বিচলিত হোৱাৰ সম্ভাৱনা থাকিব পাৰে।—ফিলি ৩:১৩, ১৪.
সমস্যাৰ সন্মুখীন হ’লে, আমাৰ মনলৈ হয়তো সহজে এনে ভাব আহিব পাৰে যে সত্যত অহাৰ আগৰ দিনবোৰেই ভাল আছিল। কিন্তু এনে কৰাৰ সময়ত আমি প্ৰায়ে সেই সময়ত সন্মুখীন হোৱা সমস্যাবোৰতকৈ, আনন্দ উল্লাসৰ কথাবোৰহে বৰকৈ মনত পেলাওঁ। মিচৰৰপৰা ওলাই অহাৰ পাছত ঠিক এনেধৰণৰ ভাবনা ইস্ৰায়েলীসকলৰ মনলৈ আহিছিল। (গণ ১১:৫, ৬) তেওঁলোকৰ দৰে যদি আমিও ত্যাগ কৰি অহা জীৱনৰ বিষয়ে ভাবি থাকোঁ, তেনেহ’লে আমাৰ মনলৈয়ো আগৰ জীৱনলৈ উভতি যোৱাৰ ইচ্ছা হ’ব পাৰে। ইয়াৰ বিপৰীতে, বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে আমাক কি কি আশীৰ্ব্বাদ দিছে আৰু ভৱিষ্যতে তেওঁৰ ৰাজ্যই আমাৰ বাবে কেনে এক আনন্দময় জীৱন কঢ়িয়াই আনিব, ইয়াৰ ওপৰত ধ্যান কেন্দ্ৰীভূত কৰাটোৱেই আমাৰ বাবে উত্তম হ’ব।—২কৰি ৪:১৬-১৮.