Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—“নিৰূপিত” হোৱা লোকসকলক শিষ্য হ’বলৈ সহায় কৰক

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—“নিৰূপিত” হোৱা লোকসকলক শিষ্য হ’বলৈ সহায় কৰক

কিয় গুৰুত্বপূৰ্ণ: যিসকলে “অনন্ত জীৱন পাবলৈ নিৰূপিত” সেই লোকসকলৰ হৃদয়ত সত্যৰ বীজ বাঢ়িবলৈ যিহোৱা ঈশ্বৰে সহায় কৰে। (পাঁচ ১৩:৪৮; ১কৰি ৩:৭) আমি যিহোৱাৰ লগত কাৰ্য্য কৰা উচিত আৰু যিসকল লোকে শিকা বিষয়বোৰৰ অনুসৰি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ ওপৰত বেছি ধ্যান কেন্দ্ৰীভূত কৰা উচিত। (১কৰি ৯:২৬) বাইবেল বিদ্যাৰ্থীসকলে বুজা উচিত যে উদ্ধাৰ পাবলৈ বাপ্তিষ্মা লোৱাৰ প্ৰয়োজন। (১পিত ৩:২১) তেওঁলোকে জীৱনত পৰিৱৰ্তন কৰিবলৈ, আনক ঘোষণা কৰিবলৈ, শিক্ষা দিবলৈ আৰু নিজৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰিবলৈ আমি তেওঁলোকক শিকোৱা উচিত।—মথি ২৮:১৯, ২০.

ইয়াক কেনেকৈ কৰিব:

  • বাইবেল বিদ্যাৰ্থীসকলক মনত পেলাই দিয়ক যে অধ্যয়নৰ উদ্দেশ্য হৈছে যিহোৱা ঈশ্বৰৰ বিষয়ে “জনা” আৰু তেওঁক আনন্দিত কৰা।—যোহ ১৭:৩

  • তেওঁলোকক আধ্যাত্মিকভাৱে উন্নতি কৰাত যি বিষয়বোৰে বাধা দিয়ে, সেইবোৰ পাৰ কৰিবলৈ সহায় কৰক। যেনে, বেয়া অভ্যাস এৰিবলৈ আৰু কুসংগতিৰপৰা আঁতৰি থাকিবলৈ

  • বাপ্তিষ্মাৰ আগত আৰু পাছত তেওঁলোকক উৎসাহিত কৰি থাকক।—পাঁচ ১৪:২২

যিহোৱা ঈশ্বৰে আপোনাক সহায় কৰিব নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সমৰ্পণ আৰু বাপ্তিষ্মা ল’বলৈ এজন ব্যক্তিয়ে কিয় ভয় কৰিব পাৰে?

  • প্ৰাচীনসকলে বাইবেল বিদ্যাৰ্থীক আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

  • যিচয়া ৪১:১০ পদে আমাক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিক্ষা দিয়ে?

  • অসিদ্ধ হোৱাৰ সত্ত্বেও কি গুণে আমাক যিহোৱা ঈশ্বৰক উচিতভাৱে উপাসনা কৰিবলৈ সক্ষম কৰি তুলিব?

শিষ্য বনোৱাত আমি কেনেকৈ যিহোৱাৰ লগত কাৰ্য্য কৰিব পাৰোঁ?