Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আনন্দেৰে গীত গাই যিহোৱাক প্ৰশংসা কৰক

আনন্দেৰে গীত গাই যিহোৱাক প্ৰশংসা কৰক

পৌল আৰু চীল বন্দীশালত বন্দী হৈ থকাৰ সময়ত গীত গাই যিহোৱাৰ স্তুতি কৰিছিল। (পাঁচ ১৬:২৫) নিঃসন্দেহ, গীত গোৱাৰ বাবে তেওঁলোকে তাড়না সহন কৰিবলৈ সক্ষম হৈছিল। আমাৰ বিষয়েনো কি? সভাত গোৱা আৰু ব্ৰডকাষ্টিঙৰ গীতে আমাক উৎসাহিত কৰে আৰু তাড়নাৰ সময়ত বিশ্বাসী হৈ থাকিবলৈ আমাক সহায় কৰে। ইয়াতকৈ বেছি, এই গীতবোৰৰ যোগেদি আমাৰ ঈশ্বৰৰ স্তুতি হয়। (গীত ২৮:৭) কিছুমান গীতৰ কথা মনত ৰাখিবলৈ আমাক উৎসাহিত কৰা হৈছে। আপুনি এনে কৰিবলৈ চেষ্টা কৰিছেনে? আমি পাৰিবাৰিক উপাসনাত গীত গাবলৈ অভ্যাস কৰিব পাৰোঁ আৰু গীতৰ কথা মনত ৰাখিব পাৰোঁ।

ল’ৰা-ছোৱালীয়ে গীত গাই যিহোৱাক প্ৰশংসা কৰে নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ৰাজ্যৰ গীতে কেনেকৈ আমাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে?

  • অডিঅ’/ভিডিঅ’ বিভাগে গানৰ ৰেকৰ্ডিং কৰিবলৈ কেনেকৈ প্ৰস্তুতি কৰে?

  • ল’ৰা-ছোৱালী আৰু পিতৃ-মাতৃয়ে ৰেকৰ্ডিঙৰ বাবে কেনেকৈ প্ৰস্তুতি কৰে?

  • আপুনি ভাল পোৱা ৰাজ্যৰ গীতটি কোনটো হয় আৰু কিয়?