Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পৃথিৱীয়ে “নদী গ্ৰাস কৰিলে”

পৃথিৱীয়ে “নদী গ্ৰাস কৰিলে”

গোটেই ইতিহাসত কেইবাবাৰো জগতৰ অধিকাৰীসকলে যিহোৱাৰ লোকসকলক সহায় কৰিছিল। (ইজ্ৰা ৬:১-১২; ইষ্টে ৮:১০-১৩) বৰ্তমান সময়তো ‘নাগ’ বা চয়তানৰ সমৰ্থনত ‘নদী গ্ৰাস’ হোৱাটো ‘পৃথিবী’ অৰ্থাৎ এই ব্যৱস্থাই বেছি জগৰীয়া। (প্ৰকা ১২:১৬) “পৰিত্ৰাণ-সাধক ঈশ্বৰ” যিহোৱাই কেতিয়াবা কেতিয়াবা নিজৰ লোকসকলৰ শান্তি কঢ়িয়াই আনিবলৈ মানৱ শাসনকৰ্ত্তাসকলক অনুপ্ৰাণিত কৰে।—গীত ৬৮:২০; হিতো ২১:১.

যদি বিশ্বাসৰ বাবে আপোনাক জেলত বন্দী হʼবলগীয়া হয়, তেনেহʼলে কি কৰিব? ইয়াত কোনো সন্দেহ নাই যে যিহোৱাই আপোনাক লক্ষ্য কৰি আছে। (আদি ৩৯:২১-২৩; গীত ১০৫:১৭-২০) ভৰসা কৰক যে আপোনাৰ বিশ্বাসে আপোনাৰ বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনিব আৰু আপোনাৰ নিষ্ঠাই গোটেই পৃথিৱীৰ ভাই-ভনীসকলক উৎসাহিত কৰিব।—ফিলি ১:১২-১৪; প্ৰকা ২:১০.

কোৰিয়াৰ ভাইসকলে জেলৰপৰা মুক্তি পায় নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমাৰ হাজাৰ হাজাৰ ভাইসকলক দক্ষিণ কোৰিয়াত বহু বছৰ ধৰি কিয় বন্দী কৰি ৰখা হৈছে?

  • কোনটো ন্যায়ালয়ে আমাৰ কিছুমান ভাইক সোনকালে মুক্ত কৰে?

  • নিজৰ বিশ্বাসৰ বাবে অলপতে জেললৈ যোৱা গোটেই পৃথিৱীৰ আমাৰ ভাইসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

  • বৰ্তমান সময়ত আমি লাভ কৰা স্বতন্ত্ৰতাক কেনেকৈ ব্যৱহাৰ কৰা উচিত?

  • আমি লাভ কৰা কোনো মোকৰ্দ্দমাৰ জয়লাভৰ আঁৰত কোন থাকে?

মই মোৰ ব্যক্তিগত স্বাধীনতাক কেনেকৈ ব্যৱহাৰ কৰিছোঁ?