লেবীয়া পুস্তক ১২-১৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |কুষ্ঠৰোগৰ বিষয়ে দিয়া নিয়মৰপৰা শিক্ষা
১৩:৪, ৫, ৪৫, ৪৬, ৫২, ৫৭
কুষ্ঠৰোগীৰ বিষয়ে যি নিয়ম দিয়া হৈছিল, তাৰপৰা আজি আমি কি শিকিব পাৰোঁ?
-
কোনো ব্যক্তিৰ কুষ্ঠৰোগ আছে নে নাই, তাক চিনাক্ত কৰিবলৈ আৰু এনে পৰিস্থিতিত তেওঁলোকে কি কৰিব লাগে, তাৰ বিষয়ে যিহোৱাই পুৰোহিতসকলক জনাইছিল। ঠিক সেইদৰে আজিও প্ৰাচীনসকলে এনে ভাই-ভনীসকলক সহায় কৰে, যিসকলৰ যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হৈছে।—যাকো ৫:১৪, ১৫
-
বেমাৰ বিয়পি নাজাবলৈ ইস্ৰায়েলীসকলক কুষ্ঠৰোগীৰপৰা সংক্ৰামিত হোৱা বস্তুবোৰ জুইত পুৰি পেলাবলগীয়া হৈছিল। খ্ৰীষ্টানসকলে এনে সকলো কাম ত্যাগ কৰা উচিত, যাৰ যোগেদি তেওঁলোকে পাপ কৰিব পাৰে আৰু যিহোৱাৰ লগত সম্পৰ্ক দুৰ্বল হʼব পাৰে। (মথি ১৮:৮, ৯) হয়তো তেওঁলোকে বেয়া অভ্যাস, বন্ধুত্ব অথবা চিনেমা চোৱা বা খেল-ধেমালি এৰিবলগীয়া হʼব পাৰে
এজন খ্ৰীষ্টানে কেনেকৈ প্ৰকাশ কৰিব পাৰে যে তেওঁ যিহোৱাৰপৰা সহায় বিচাৰে?