লেবীয়া পুস্তক ১৪-১৫
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |যিহোৱাৰ উপাসকসকল শুদ্ধ হৈ থকা উচিত
১৫:১৩-১৫, ২৮-৩১
আমি আভ্যন্তৰিণ আৰু বাহ্যিক দিশত শুদ্ধ হৈ থাকিলেহে যিহোৱাই আমাক প্ৰেম কৰিব। ইয়াৰ অৰ্থ হৈছে আমি শাৰীৰিকভাৱে পৰিষ্কাৰ হোৱাৰ লগতে আমাৰ ঘৰৰ চৌপাশৰ বস্তুবোৰ পৰিষ্কাৰ কৰি ৰখা উচিত। আমাৰ আচাৰ-ব্যৱহাৰ আৰু উপাসনাও শুদ্ধ কৰি ৰখা উচিত। আমি এনে কোনো কাম কৰা উচিত নহয়, যিবোৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা আৰু যাৰপৰা আমি অশুচি হʼব পাৰোঁ।
জগতৰ আচাৰ-ব্যৱহাৰৰপৰা আঁতৰি থাকি মই কেনেকৈ লাভৱান হʼব পাৰোঁ?