Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ অনুশাসনক সমৰ্থন কৰি প্ৰেম দেখুৱাওক

যিহোৱাৰ অনুশাসনক সমৰ্থন কৰি প্ৰেম দেখুৱাওক

ভুল কৰি অনুতাপ নকৰা ব্যক্তিক বহিষ্কাৰ কৰা হয়। এই ব্যৱস্থাৰপৰা মণ্ডলীৰ সুৰক্ষা হয় আৰু ব্যক্তিজনে কিমান ডাঙৰ ভুল কৰিছে, তাক অনুভৱ কৰোঁৱা হয়। (১কৰি ৫:৬, ১১) এয়া সঁচা যে কাৰোবাৰ বহিষ্কাৰ হʼলে, তেওঁৰ পৰিয়ালবৰ্গ আৰু ন্যায় সমিতিৰ ভাইসকলক দুখ লাগে। তথাপি প্ৰেমৰ বাবে আমি এই ব্যৱস্থাক সমৰ্থন কৰিম।

যিহোৱাৰ প্ৰতি প্ৰেম থকাৰ বাবে আমি তেওঁ উচ্চ মানদণ্ডক পালন কৰোঁ আৰু তেওঁৰ নাম কলংকিত হোৱাটো নিবিচাৰোঁ। সেইবাবে আমি এই ব্যৱস্থাক সমৰ্থন কৰোঁ। (১পিত ১:১৪-১৬) এইদৰে আমি বহিষ্কৃত ব্যক্তিৰ প্ৰতি প্ৰেম দেখুৱাওঁ। সেই ব্যক্তিজনক শুধৰণি কৰা সময়ত তেওঁৰ লগত কঠোৰতাৰে ব্যৱহাৰ কৰা হয়, তেতিয়া সকলোকে দুখ লাগে। কিন্তু এই ব্যৱস্থাই “ধাৰ্ম্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।” (ইব্ৰী ১২:৫, ৬, ১১) আমি বহিষ্কৃত কৰা বা মণ্ডলীৰ লগত সংগতি কৰিবলৈ এৰি দিয়া ব্যক্তিৰ লগত যোগাযোগ কৰা উচিত নহয়। আমি যোগাযোগ ৰাখিলে, শুধৰণি ব্যৱস্থাত বাধা দিয়া যেন হʼব। আমি মনত ৰখা উচিত যে যিহোৱাই নিজৰ সেৱকসকলক ‘উচিত মতে শাস্তি দিয়ে।’ (যিৰি ৩০:১১) আহক আমি বহিষ্কৃত নিৰ্ণয়ক সমৰ্থন কৰোঁ আৰু যিহোৱাৰ উপাসনাৰ লগত জড়িত সকলো কাম কৰি থাকিবলৈ চেষ্টা কৰোঁ। লগতে ব্যক্তিজনে এদিন নহয় এদিন ঘূৰি আহিব বুলি আশা ৰাখোঁ।—যিচ ১:১৬-১৮; ৫৫:৭.

সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ বিশ্বাসী হৈ থাকক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নিজৰ সন্তানে যিহোৱাক এৰি গুচি গʼলে পিতৃ-মাতৃয়ে কেনে দুখ অনুভৱ কৰে?

  • ভাই-ভনীসকলে বহিষ্কৃত হোৱা ব্যক্তিৰ পৰিয়ালক কেনেকৈ সহায় কৰিব পাৰে?

  • আমি পৰিয়ালৰ সদস্যসকলতকৈ যিহোৱাৰ বিশ্বাসী হৈ থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, এই বিষয়ে আমি বাইবেলৰ কোনটো ঘটনাৰপৰা শিকিব পাৰোঁ?

  • আমি আমাৰ পৰিয়ালতকৈ বেছি যিহোৱাৰ বিশ্বাসী কেনেকৈ হৈ থাকিব পাৰোঁ?