খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আমাৰ প্ৰাৰ্থনা যিহোৱাৰ বাবে মূল্যৱান হয়
যেতিয়া আমি যিহোৱাৰ ইচ্ছা অনুসৰি প্ৰাৰ্থনা কৰোঁ, তেতিয়া সেই প্ৰাৰ্থনা সুগন্ধি ধূপৰ দৰে হয়, যিটো যিহোৱাৰ মন্দিৰত প্ৰতিদিনে জ্বলোৱা হৈছিল। (গীত ১৪১:২) প্ৰাৰ্থনা কৰাৰ সময়ত আমি যিহোৱাক কʼব পাৰোঁ যে আমি তেওঁক প্ৰেম কৰোঁ আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ। আমি তেওঁক নিজৰ চিন্তা আৰু সমস্যাৰ বিষয়ে কʼব পাৰোঁ আৰু আমি কি বিচাৰোঁ, তাৰ বিষয়েও কʼব পাৰোঁ। আমি তেওঁৰ পৰা নিৰ্দেশনাও বিচাৰিব পাৰোঁ। যেতিয়া আমি এই সকলো কথা তেওঁক জনাওঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি তেওঁক সকলোতকৈ ভাল বন্ধু বুলি ভাবোঁ। সভাত কৰা সৰু প্ৰাৰ্থনাও যিহোৱাই স্বীকাৰ কৰে, কিয়নো এয়া উপাসনাৰ এটা ভাগ হয়। কিন্তু আমি যেতিয়া অকলে মন খুলি আৰু বহু দেৰিলৈকে তেওঁৰ লগত কথা পাতোঁ, তেতিয়া তেওঁ আৰু বেছিকৈ আনন্দিত হয়।—হিতো ১৫:৮.
প্ৰাৰ্থনা কৰাটো মোৰ অভ্যাস হৈ পৰিল নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
ভাই জনচʼনে কি কি উপায়েৰে যিহোৱাৰ সেৱা কৰিবলৈ সুযোগ পালে?
-
ভাই জনচʼনে কি কি পৰিস্থিতিত প্ৰাৰ্থনা কৰি যিহোৱাৰ ওপৰত নিজৰ ভৰসা দেখুৱালে?
-
ভাই জনচʼনৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?