Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাই আমাৰ কঠিন পৰিশ্ৰম কেতিয়াও নাপাহৰে

যিহোৱাই আমাৰ কঠিন পৰিশ্ৰম কেতিয়াও নাপাহৰে

কেতিয়াবা কেতিয়াবা আমি ভাবিব পাৰোঁ যে আমি লোকসকলৰ বাবে কৰা পৰিশ্ৰমৰ প্ৰতি কোনেও কৃতজ্ঞতা নেদেখুৱায়। আনকি তেওঁলোকে ইয়াক মনতো নাৰাখে। কিন্তু আমি যিহোৱাৰ সেৱাত যি কঠিন পৰিশ্ৰম কৰোঁ, তাৰ বিষয়েনো আপুনি কি ভাবে? আমাৰ ঈশ্বৰ যিহোৱাই তাক কেতিয়াও নাপাহৰে। তেওঁ আমাৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা দেখুৱায়। আনকি বয়স বাঢ়ি যোৱা বা শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে যেতিয়া আমি বেছিকৈ কৰিব নোৱাৰোঁ, তেতিয়াও তেওঁ আমাক নাপাহৰে। তেওঁ সদায় আমাৰ লগত থাকে।—ইব্ৰী ৬:১০.

যিহোৱাই কেতিয়াও নাপাহৰে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভাই হিব্চমেনে কি কি উপায়েৰে যিহোৱাৰ বাবে কঠিন পৰিশ্ৰম কৰিলে?

  • যেতিয়া ভাই হিব্চমেনৰ পত্নীৰ মৃত্যু হৈছিল আৰু বয়স বাঢ়ি যোৱাৰ বাবে বেছিকৈ সেৱা কৰিব পৰা নাছিল, তেতিয়া যিহোৱাই তেওঁক কেনেকৈ মনত ৰাখিলে?

  • গোটেই জীৱন যিহোৱাৰ সেৱা কৰাৰ বাবে ভাই হিব্চমেনৰ জীৱন আনন্দেৰে ভৰি পৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?—হিতো ১০:২২.