খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“দান কৰা”
যীচুৰ কথাৰ পৰা বুজিব পাৰি যে যেতিয়া এজন ব্যক্তিয়ে উদাৰ হৈ দান দিয়ে, তেতিয়া তেওঁক চাই আনেও উদাৰতা দেখুৱায়। (লূক ৬:৩৮) যদি আপুনি আনক দান দিবলৈ অভ্যাস কৰে, তেনেহʼলে আপোনাক চাই আন ভাই-ভনীসকলেও উদাৰ হʼব আৰু আনক সহায় কৰিব।
আনন্দ মনেৰে আনক দান দিয়াটো আমাৰ উপাসনাৰ এক ভাগ হয়। যিসকল ভাই-ভনীয়ে উদাৰ মনেৰে আনক দান দিয়ে আৰু সহায় কৰে, যিহোৱাই তেওঁলোকক লক্ষ্য কৰে। যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিম বুলি প্ৰতিজ্ঞাও কৰিছে।—হিতো ১৯:১৭.
আপুনি দিয়া দানৰ বাবে আমি কৃতজ্ঞ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
আপুনি দিয়া দানৰ পইচাৰে ভাই-ভনীসকলক কেনেকৈ সহায় কৰা হৈছে?
-
আমি দিয়া দান যদিও কম হয়, তথাপি আমি কিয় দান দি থকা উচিত?—jw.org-ত “অতিমাত্ৰাই অভাৱক পূৰ কৰে” লেখখন পঢ়ক।