Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আমি নিজৰ চিন্তাধাৰাতো নিৰ্দোষী হোৱা উচিত

আমি নিজৰ চিন্তাধাৰাতো নিৰ্দোষী হোৱা উচিত

আমি যি কওঁ আৰু কাম কৰোঁ কেৱল সেই বিষয়বোৰতে নিৰ্দোষী হৈ থকাটোৱে যথেষ্ট নহয়। আমি নিজৰ চিন্তাধাৰাতো নিৰ্দোষী হৈ থকা উচিত। (গীত ১৯:১৪) সেইবাবে যি সত্য, যি আদৰণীয়, যি ন্যায়, যি শুদ্ধ, যি প্ৰিয়, যি সুখ্যাতিযুক্ত, যি সদ্‌গুণ আৰু যি প্ৰশংসাৰ যোগ্য, সেইবোৰ কথা ভাবিবলৈ বাইবেলে আমাক উৎসাহিত কৰিছে। (ফিলি ৪:৮) এয়া সঁচা যে বেয়া চিন্তাবোৰ আমাৰ মনলৈ অহাত আমি বাধা দিব নোৱাৰোঁ। কিন্তু যদি আমি আত্মসংযম ৰাখোঁ তেনেহ’লে আমি মনৰ পৰা বেয়া চিন্তাবোৰ উলিয়াব পাৰিম আৰু ভাল কথাবোৰ চিন্তা কৰিব পাৰিম। ভাল কথাবোৰ ভাবিলে আমি ভাল কামবোৰ কৰিব পাৰিম আৰু ইয়াৰ যোগেদি নিৰ্দোষী হৈ থাকিম।—মাৰ্ক ৭:২১-২৩.

আমি কেনেকৈ বেয়া চিন্তাৰ পৰা আঁতৰি থাকিব পাৰোঁ তাৰ বিষয়ে পদবোৰৰ তলত লিখক:

ৰোম ১২:৩

লূক ১২:১৫

মথি ৫:২৮

ফিলি ৩:১৩