Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সাক্ষীসকলৰ নাম ভাল হৈ থাকিবলৈ মই কি কৰিব পাৰোঁ?

সাক্ষীসকলৰ নাম ভাল হৈ থাকিবলৈ মই কি কৰিব পাৰোঁ?

যিহোৱাৰ সাক্ষীসকল কেনে লোক হয় আৰু তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা তাৰ প্ৰতি লোকসকলে ধ্যান দিয়ে। (১কৰি ৪:৯) সেইবাবে, আমি নিজকে এইদৰে সোধা উচিত, ‘মোৰ কথা আৰু কামৰ পৰা যিহোৱাৰ মহিমা হয়নে?’ (১পিত ২:১২) ইমান বছৰ ধৰি যিহোৱাৰ সাক্ষীসকলে ভাল নাম অৰ্জন কৰিছে। সেইবাবে, আমি এনে একো কাম কৰিব নিবিচাৰোঁ যাৰ বাবে যিহোৱাৰ নাম বেয়া হয়।—উপ ১০:১.

তলত দিয়া কিছুমান পৰিস্থিতিত এজন খ্ৰীষ্টানে কি কৰা উচিত আৰু তেওঁ বাইবেলৰ কোনবোৰ সিদ্ধান্তৰ পৰা সহায় পাব পাৰে:

  • সাক্ষী নোহোৱা এজন ব্যক্তিয়ে খঙেৰে আপোনাক বেয়াকৈ কৈছে

  • আপোনাৰ ঘৰৰ বস্তুবোৰ ইফালে-সিফালে পৰি আছে, আপোনাৰ কাপোৰ বা গাড়ী লেতেৰা হৈ আছে

  • আপোনাৰ এলেকাৰ কোনো নিয়ম আপোনাক ভাল লগা নাই বা মানিবলৈ কঠিন লাগিছে

সাক্ষীসকলৰ নাম ভাল হৈ থাকিবলৈ লেখন বিভাগত অনুসন্ধান কৰা ভাই-ভনীসকলে কি কৰে?

আমি সত্যৰ বাবে আনৰ হৃদয়ত প্ৰেম আৰু কৃতজ্ঞতা বঢ়াও নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

সংগঠনে সঠিক তথ্য দিবলৈ যি পৰিশ্ৰম কৰে তাৰ বিষয়ে কোনটো কথা আপোনাক ভাল লাগিল?