খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বেথেলত ভাই-ভনীসকলক শান্ত্বনা দিয়াৰ এক ভাল ব্যৱস্থা
সকলোৱে কেতিয়াবা নহয় কেতিয়াবা সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। সেই সময়ত তেওঁক সহায় আৰু শান্ত্বনাৰ প্ৰয়োজন হয়। আনকি যিহোৱাৰ লগত ভাল সম্পৰ্ক থকা বা তেওঁৰ সংগঠনত ডাঙৰ ডাঙৰ দায়িত্ব পালন কৰা ভাই-ভনীসকলেও সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়ত নিৰাশ হʼব পাৰে। (ইয়ো ৩:১-৩; গীত ৩৪:১৯) সেইবাবে, বেথেল পৰিয়ালৰ লোকসকলক উৎসাহিত কৰিবলৈ বাৰে বাৰে মেৰ পালকৰ সাক্ষাৎ কৰা হয়। এই ব্যৱস্থাৰ পৰা আমি কি শিকিব পাৰোঁ?
“ঈশ্বৰত বিশ্বাস ৰাখক” নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
বেথেল পৰিয়ালৰ ভাই-ভনীসকলে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়?
-
তেওঁলোকক শান্ত্বনা দিবলৈ মেৰ পালকৰ সাক্ষাৎ কৰা ভাইসকলে কি চাৰিটা কাম কৰে?
-
ইয়াৰ পৰা মেৰ পালকৰ সাক্ষাৎ কৰা ভাইসকলৰ কি লাভ হʼল?