Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ভনীসকলে নিজৰ সেৱা আৰু কেনেকৈ বঢ়াব পাৰে?

ভনীসকলে নিজৰ সেৱা আৰু কেনেকৈ বঢ়াব পাৰে?

শুভবাৰ্তা প্ৰচাৰ কৰা কামত ভনীসকলৰ ডাঙৰ ভূমিকা আছে। (গীত ৬৮:১১) তেওঁলোকে বহুতোলোকক বাইবেল অধ্যয়ন কৰে আৰু অগ্ৰগামী সেৱা কৰা লোকসকলৰ মাজত ভনীসকলৰ সংখ্যা বেছি হয়। বৰ্তমান সময়ত হাজাৰ হাজাৰ ভনীয়ে বেথেলত কাম কৰিছে, মিচনেৰী সেৱা কৰিছে, নিৰ্মাণ আৰু অনুবাদ কামতো সহযোগ কৰিছে। বিশ্বাসী ভনীসকলে নিজৰ পৰিয়াল আৰু মণ্ডলীকো উৎসাহিত কৰে। (হিতো ১৪:১) ভনীসকলে যদিও প্ৰাচীন বা পৰিচাৰক হিচাপে সেৱা কৰিব নোৱাৰে, কিন্তু তেওঁলোকে আন আন উপায়েৰে মণ্ডলীক সহায় কৰিব পাৰে। সেই উপায়বোৰ কি?

  • আধ্যাত্মিক গুণবোৰ বঢ়াই।—১তীম ৩:১১; ১পিত ৩:৩-৬

  • সত্যত নতুনকৈ অহা ভনীসকলক সহায় কৰি।—তীত ২:৩-৫

  • ভালদৰে সাক্ষ্য দি আৰু প্ৰচাৰ কামত বেছি সময় অতিবাহিত কৰি

  • নতুন ভাষা শিকি

  • প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ

  • বেথেলত সেৱা কৰিবলৈ আবেদন পত্ৰ দিয়াৰ যোগেদি বা নিৰ্মাণ কামত সহযোগ কৰি

  • ৰাজ্য প্ৰচাৰকসকলৰ স্কুলৰ বাবে আবেদন পত্ৰ দিয়াৰ যোগেদি

‘প্ৰভুত বহু পৰিশ্ৰম কৰা তিৰোতাসকল’ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

  • ভনীসকলে কোৱা কি কথাৰপৰা আপুনি উৎসাহিত হৈছে?