ডিচেম্বৰ ১৬-২২
গীতমালা ১১৯:৫৭-১২০
গীত নং ১২৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. সমস্যা সহন কৰাৰ উপায়
(১০ মি.)
ঈশ্বৰৰ বাক্য পঢ়ি থাকক আৰু তাৰ অধ্যয়ন কৰি থাকক (গীত ১১৯:৬১; w০৬-HI ৭/১ ১২ ¶২; w০০ ১২/১ ১৩-১৪ ¶৩)
সমস্যাবোৰৰ পৰা নপলাব। তাৰ মাজেৰে পাৰ হʼলে আপোনাৰ ব্যক্তিত্ব আৰু ভাল হৈ পৰিব (গীত ১১৯:৭১; w০৬-HI ৯/১ ১৯ ¶২)
শান্ত্বনা বিচাৰি যিহোৱালৈ মিনতি কৰক (গীত ১১৯:৭৬; w১৭.০৭-HI ১৩ ¶৩, ৫)
নিজকে সোধক, ‘যিহোৱাই সমস্যাবোৰ সহন কৰিবলৈ কি কি উপায়েৰে মোক সহায় কৰিলে?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
-
গীত ১১৯:৯৬—এই পদৰ অৰ্থ কি হʼব পাৰে? (w০৬-HI ৯/১ ১৯ ¶৩)
-
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) গীত ১১৯:৫৭-৮০ (শিক্ষা অধ্যায় ১২)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)
৫. পুনৰ লগ কৰক
(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। গৃহস্থক অহা সপ্তাহত হʼবলগীয়া জন ভাষণৰ বাবে মাতক। যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? ভিডিঅʼখন দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)
৬. আপুনি কি বিশ্বাস কৰে বুজাওক
(৫ মি.) প্ৰদৰ্শন। এক অনন্ত জীৱন! পাঠ ২৬ পৰিচয় আৰু ভাগ ১-৩—বিষয়: পৃথিৱীত ইমান দুষ্টতা আৰু দুখ-কষ্ট কিয় হৈ আছে? (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)
গীত নং ১২৮
৭. যিহোৱাই ধৈৰ্য্য ধৰিবলৈ আমাক সহায় কৰে
(১৫ মি.) আলোচনা।
ধৈৰ্য্য ধৰাৰ অৰ্থ হৈছে সমস্যাৰ সময়ত হাৰ নমনা। ইয়াৰ অৰ্থ এয়াও হʼব পাৰে যে আমি সমস্যাৰ সময়ত বিশ্বাসত থিৰে থকা, সঠিক দৃষ্টিভংগী বজাই ৰখা আৰু সেই সময়ৰ বিষয়ে আশা কৰা, যেতিয়া কোনো ধৰনৰ সমস্যা নাথাকিব। যদি আমি ধৈৰ্য্য ধৰিম, তেনেহʼলে আমি পিছ ‘নুহুঁহকিম’ অৰ্থাৎ সমস্যা আহিলে যিহোৱাৰ সেৱাত আমাৰ উৎসাহ কমি নাযায়। (ইব্ৰী ১০:৩৬-৩৯) ধৈৰ্য্য ধৰিবলৈ যিহোৱাও আমাক সহায় কৰিব বিচাৰে।—ইব্ৰী ১৩:৬.
প্ৰতিটো পদত পাছত লিখক যে যিহোৱাই কি কি উপায়েৰে ধৈৰ্য্য ধৰিবলৈ আমাক সহায় কৰে।
সমস্যা সহন কৰাসকলৰ বাবে অন্তৰৰ পৰা প্ৰাৰ্থনা কৰক ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
-
jw.org-ৰ পৰা আমি সেই ভাই-ভনীসকলৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ যিসকলে সমস্যাৰ সন্মুখীন হৈ আছে?
-
পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক আনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কেনেকৈ শিকাব পাৰে? এইদৰে কৰিলে কি লাভ হয়?
-
ভাই-ভনীসকলক ধৈৰ্য্য ধৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰাটো কিয় গুৰুত্বপূৰ্ণ?
-
আনৰ বাবে প্ৰাৰ্থনা কৰিলে আমি কেনেকৈ ধৈৰ্য্য ধৰিবলৈ সহায় পাওঁ?
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১০ ২২-২৩ ¶১৩-১৭