Skip to content

Skip to table of contents

ডিচেম্বৰ ২৩-২৯

গীতমালা ১১৯:১২১-১৭৬

ডিচেম্বৰ ২৩-২৯

গীত নং ৩১ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আমি বিনা কাৰণে বিপদ আকোঁৱালি লোৱাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

(১০ মি.)

ঈশ্বৰৰ আজ্ঞাবোৰক প্ৰেম কৰক (গীত ১১৯:১২৭; w১৮.০৬-HI ১৭ ¶৫-৬)

বেয়াক ঘৃণা কৰক (গীত ১১৯:১২৮; w৯৩-HI ৪/১৫ ১৭ ¶১২)

যিহোৱাৰ কথা পালন কৰক আৰু সেই ভুলবোৰ নকৰিব, যি ‘হোজা’ অৰ্থাৎ অভিজ্ঞতা নথকা লোকসকলে কৰে (গীত ১১৯:১৩০, ১৩৩; হিতো ২২:৩)

নিজকে সোধক, ‘ঈশ্বৰৰ আজ্ঞাবোৰক প্ৰেম কৰিবলৈ বা বেয়াক ঘিণ কৰিবলৈ মই কি শুধৰণি কৰিব লাগিব?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১১৯:১৬০—এই পদৰ অনুসৰি কি কথাৰ প্ৰতি আমাৰ বিশ্বাস থকা উচিত? (w২৩.০১ ২¶২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১১৯:১২১-১৫২ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যদি গৃহস্থই কোনো এটা বিষয়ত বেছিকৈ জানিব বিচাৰে, তেনেহ’লে সেই ব্যক্তিজনক জনাওক যে তেওঁ jw.org-ত তাৰ লগত জড়িত তথ্য কেনেকৈ বিচাৰিব পাৰে। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) নিয়মীয়াকৈ সভালৈ নহা বাইবেল বিদ্যাৰ্থীৰ লগত আলোচনা কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১২ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১২১

৭. টকা-পইচাৰ প্ৰেমে, বহুতো সমস্যা আনে

(১৫ মি.) আলোচনা।

যিসকল লোকে বেছিকৈ টকা-পইচা গোটোৱাত ব্যস্ত হৈ থাকে, তেওঁলোকে ‘যাতনাৰূপ শলাৰে নিজকেই শালে।’ (১তীম ৬:৯, ১০) যদি আমিও টকা-পইচাক প্ৰেম কৰোঁ বা টকা-পইচাই সকলো হয় বুলি ভাবোঁ, তেনেহʼলে আমাৰ বহুতো লোকচান হʼব পাৰে। যেনে,

  • আমি যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ।—মথি ৬:২৪

  • আমাৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ নাথাকিম।—উপ ৫:১০

  • মিছা কথা কোৱা, চুৰ কৰা আৰু বিশ্বাসঘাত কৰাৰ দৰে বেয়া কামবোৰৰ পৰা আঁতৰি থাকিবলৈ আমাৰ বাবে আৰু কঠিন হৈ পৰিব। (হিতো ২৮:২০) যদি আমি ভুল কৰোঁ, তেনেহʼলে দোষীৰ ভাবনাই আমাক আগুৰি ধৰিব, আমাৰ নাম বেয়া হʼব আৰু যিহোৱাও আমাৰ পৰা আনন্দিত নহʼব

ইব্ৰী ১৩:৫ পঢ়ক তাৰ পাছত এই প্ৰশ্ন আলোচনা কৰক:

  • টকা-পইচাৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখিলে আমি নিজকে দুখ দিয়াৰ পৰা আঁতৰি থাকিব পাৰিম? এনেধৰণৰ চিন্তাধাৰা ৰখাটো কিয় গুৰুত্বপূৰ্ণ?

আমি হয়তো টকা-পইচাক ইমান প্ৰেম নকৰোঁ। কিন্তু আমি যদি টকা-পইচা ভালদৰে ব্যৱহাৰ নকৰোঁ, তেনেহʼলে আমাৰ ওপৰত সমস্যা আহিব পাৰে।

ভাবি-চিন্তি টকা-পইচা ব্যৱহাৰ কৰক হোৱাইট বোৰ্ড এনিমেশ্বনখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • আমি কিয় বাজেট বনোৱা উচিত? আমি এয়া কেনেকৈ বনাব পাৰোঁ?

  • অলপ পইচা সাঁচি থোৱাটো কিয় ভাল?

  • আমি কিয় বিনা কাৰণত ধাৰ লোৱা উচিত নহয়?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১০১ আৰু প্ৰাৰ্থনা