Skip to content

Skip to table of contents

নৱেম্বৰ ১৮-২৪

গীতমালা ১০৭-১০৮

নৱেম্বৰ ১৮-২৪

গীত নং ৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. “যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়”

(১০ মি.)

যিহোৱাই যিদৰে ইস্ৰায়েলীসকলক বাবিলৰ পৰা মুকলি কৰিছিল, ঠিক সেইদৰে তেওঁ আমাকো চয়তানৰ জগতৰ মিছা শিক্ষাৰ পৰা মুকলি কৰিছে (গীত ১০৭:১, ২; কল ১:১৩, ১৪)

আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ হোৱাৰ বাবে মণ্ডলীত তেওঁৰ প্ৰশংসা কৰোঁ (গীত ১০৭:৩১, ৩২; w০৭-HI ৫/১ ৮ ¶২)

যিহোৱাই এতিয়ালৈকে আমাৰ বাবে কি কি কৰিলে তাৰ বিষয়ে যদি আমি গভীৰভাৱে চিন্তা কৰোঁ, তেনেহʼলে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ হʼম (গীত ১০৭:৪৩; w১৫-HI ১/১৫ ৯ ¶৪)

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১০৮:৯—এই পদত কোৱা কথা হয়তো কেতিয়া পূৰ হৈছিল? (it-২-E ৪২০ ¶৪)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১০৭:১-২৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৬. ভাষণ

(৫ মি.) w২১.০২ ৩০-৩১ ¶১৭-১৯—বিষয়: নিৰৎসাহ নহʼবলৈ কিহে আমাক সহায় কৰিব? (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৪৬

৭. আমি যিহোৱাক ধন্যবাদ দিবলৈ গীত গাওঁ

(১৫ মি.) আলোচনা।

যেতিয়া যিহোৱাই চূফ সাগৰৰ ওচৰত ইস্ৰায়েলীসকলক মিচৰৰ বিশাল সেনাৰ পৰা ৰক্ষা কৰিলে, তেতিয়া তেওঁলোকে বহুত কৃতজ্ঞ হৈছিল। নিজৰ কৃতজ্ঞতা দেখুৱাবলৈ তেওঁলোকে এটা নতুন গীত গালে। (যাত্ৰা ১৫:১-১৯) পুৰুষসকলে এই গীতৰ আৰম্ভণি কৰিছিল। (যাত্ৰা ১৫:২১) যীচু আৰু সেই সময়ৰ খ্ৰীষ্টানসকলে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ গীত গাইছিল। (মথি ২৬:৩০; কল ৩:১৬) আজি আমিও যিহোৱাৰ প্ৰতি কৃতজ্ঞ হোৱাৰ বাবে সভা, সন্মিলন আৰু অধিৱেশনত গীত গাওঁ। অলপতে আমি যি গীত গালোঁ “যিহোৱা তোমাৰ প্ৰতি কৃতজ্ঞ,” এই গীতটি আমি ১৯৬৬ চনৰ পৰা সভাবোৰত গাই আহিছোঁ।

কিছুমান ঠাইত পুৰুষসকলে গীত গাবলৈ সংকোচ কৰিব পাৰে। আন কিছুমানে নিজৰ সুৰ ভাল নহয় বুলি ভবাৰ বাবে গীত নাগায়। কিন্তু আমি মনত ৰখা উচিত যে সভাবোৰত গীত গোৱাটো আমাৰ উপাসনাৰ এটা ভাগ হয়। যিহোৱাৰ সংগঠনে বহুত পৰিশ্ৰম কৰি গীত ৰচে আৰু বহুত ভাবি-চিন্তি প্ৰতিটো সভাৰ বাবে গীত বাছনি কৰে। আমি কেৱল সুৰত সুৰ মিলাই গাব লাগে আৰু নিজৰ পিতৃ যিহোৱাৰ প্ৰতি প্ৰেম আৰু কৃতজ্ঞতা দেখুৱাব লাগে।

অতীতৰ পৰা আজিলৈকে —গীত এটা উপহাৰ, ভাগ ২ ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • চন ১৯৪৪-ত কি বিশেষ ঘটনা ঘটিছিল?

  • চাইবেৰিয়াৰ ভাই-ভনীসকলে কেনেকৈ ৰাজ্যগীতৰ বাবে কৃতজ্ঞতা দেখুৱালে?

  • ৰাজ্যগীত গোৱাটো বহুত গুৰুত্বপূৰ্ণ বুলি যিহোৱাৰ সাক্ষীসকলে কিয় বিশ্বাস কৰে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৭৩ আৰু প্ৰাৰ্থনা