Skip to content

Skip to table of contents

নৱেম্বৰ ৪-১০

গীতমালা ১০৫

নৱেম্বৰ ৪-১০

গীত নং ৩ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. “তেওঁ নিজ নিয়মটি চিৰকাললৈকে সোঁৱৰণ কৰে”

(১০ মি.)

যিহোৱাই অব্ৰাহামক এটা প্ৰতিজ্ঞা কৰিছিল। তেওঁ সেই প্ৰতিজ্ঞাৰ বিষয়ে ইচহাক আৰু যাকোবকো পুনৰ কʼলে (আদি ১৫:১৮; ২৬:৩; ২৮:১৩; গীত ১০৫:৮-১১)

এই প্ৰতিজ্ঞা পূৰ হোৱাটো অসম্ভৱ যেন লাগিছিল (গীত ১০৫:১২, ১৩; w২৩.০৪ ২৮ ¶১১-১২)

যিহোৱাই অব্ৰাহামৰ লগত কৰা নিয়মটি কেতিয়াও পাহৰা নাছিল (গীত ১০৫:৪২, ৪৩, ৪৫)


নিজকে সোধক, ‘যিহোৱা ভৰসাযোগ্য, এয়া জানি আমাৰ ভৱিষ্য ভাল হʼব বুলি কেনেকৈ মোৰ বিশ্বাস বাঢ়ে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১০৫:১৭-১৯—‘যিহোৱাৰ বাক্যৰ’ সহায়ত যোচেফে কেনেকৈ ভাল গুণ বঢ়াব পাৰিলে? (w৮৬-E ১১/১ ১৯ ¶১৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১০৫:২৪-৪৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(১ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থ ব্যস্ত হৈ আছে। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)

৫. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যদি গৃহস্থই তৰ্ক কৰে, তেনেহʼলে মৰমেৰে কথা-বতৰা শেষ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৫)

৬. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থই যি বিষয়ত আগ্ৰহ দেখুৱাইছিল, সেই বিষয়তে এখন পত্ৰিকা দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)

৭. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক JW লাইব্ৰেৰী এপৰ বিষয়ে জনাওক আৰু সেয়া ডাউনলʼড কৰিবলৈ তেওঁক সহায় কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৮৪

৮. আপোনাৰ প্ৰেমৰ প্ৰমাণ

(১৫ মি.) আলোচনা।

যেতিয়া আমি নিজৰ সময়, শক্তি আৰু টকা-পইচা ৰাজ্যৰ কামত ব্যৱহাৰ কৰোঁ, তেতিয়া আমি যিহোৱাই নিযুক্ত কৰা ৰজা যীচু খ্ৰীষ্টৰ বাবে প্ৰেম দেখুৱাওঁ। এয়া চাই যিহোৱাই আমাক আৰু বেছিকৈ প্ৰেম কৰিবলৈ ধৰে। (যোহ ১৪:২৩) ইয়াৰ উপৰিও আমাৰ দানৰ পৰা ভাই-ভনীসকলৰো লাভ হয়। jw.org-ত “আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয়” ভাগত যিবোৰ লেখ দিয়া হৈছে, ইয়ে দেখুৱাই যে আমাৰ দানৰ পৰা গোটেই পৃথিৱীত ভাই-ভনীসকলৰ বহুতো লাভ হয়।

আপোনাৰ দান বহুত কামত আহিল ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • যেতিয়া দানৰ পইচা ভাই-ভনীসকলে উপাসনা কৰাৰ স্বাধীনতা পোৱাৰ বাবে ব্যৱহাৰ কৰা হʼল, তেতিয়া তেওঁলোকৰ কি লাভ হʼল?

  • দ্বিতীয় কৰিন্থীয়া ৮:১৪ পদৰ অনুসৰি ভাইসকলে ৰাজ্যগৃহ নিৰ্মাণৰ বাবে স্ব-ইচ্ছাৰে দিয়া দানৰ পইচা কেনেকৈ ব্যৱহাৰ কৰে?

  • বাইবেল বহুতো ভাষাত অনুবাদ কৰিবলৈ দানৰ পইচা ব্যৱহাৰ কৰাৰ বাবে কি লাভ হৈছে?

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৯৭ আৰু প্ৰাৰ্থনা