Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ যোহন ১-১৩; ৩ যোহন ১-১৪যিহূদা ১-২৫

সত্যত থাকিবলৈ আমি সংঘৰ্ষ কৰা উচিত

সত্যত থাকিবলৈ আমি সংঘৰ্ষ কৰা উচিত

যিহূদা ৩

যীচুৱে সতৰ্ক কৰিছিল: “ঠেক দুৱাৰেদি সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা।” (লূক ১৩:২৪) যীচুৰ বাক্যই উনুকিয়াই দিয়ে যে ঈশ্বৰৰ অনুমোদন লাভ কৰিবলৈ হ’লে আমি কঠিন পৰিশ্ৰম কৰা উচিত। যীচুৰ ভায়েক যিহূদাই প্ৰেৰিত হৈ সেই একেই কথা লিখিছিল: “বিশ্বাসৰ পক্ষে প্ৰাণপণ” সংঘৰ্ষ কৰক। নিম্নলিখিত কাম কৰিবলৈ কঠিন পৰিশ্ৰম কৰাৰ প্ৰয়োজন:

  • যৌন অনৈতিক কাৰ্য্যৰপৰা দূৰে থাকিবলৈ।—যিহূ ৬, ৭

  • অধিকাৰত থকা লোকসকলক সন্মান কৰিবলৈ।—যিহূ ৮, ৯

  • “পৰম পবিত্ৰ বিশ্বাসৰূপ” খ্ৰীষ্টান শিক্ষাৰ দ্বাৰা বিশ্বাস দৃঢ় কৰিবলৈ।—যিহূ ২০, ২১