Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে

হৰ্ষিত মনেৰে দিয়া জনক যিহোৱাই প্ৰেম কৰে

দ্বিতীয় কৰিন্থীয়া ৯:৭ পদত কৈছে: “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” আজি আমাৰ ওচৰত অনলাইনৰ যোগেদি দান-বৰঙণি দিয়াৰ সুবিধা আছে, যাৰ দ্বাৰা আমি স্থানীয় আৰু বিশ্বজুৰি হৈ থকা যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে সহায় আগবঢ়াব পাৰোঁ।

ইণ্টাৰনেটৰ যোগেদি দান কেনেকৈ দিব পাৰি নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমাৰ দেশৰ বাবে উপলব্ধ থকা দান-বৰঙণিৰ সুবিধাবোৰৰ বিষয়ে জানিবলৈ, আমি কেনেকৈ দান-বৰঙণিৰ পৃষ্ঠাত একচে’চ কৰিব পাৰোঁ?

  • কিছুমান লোকে ইণ্টাৰনেটৰ সহায়ত দান-বৰঙণি দিয়াৰ যোগেদি কেনেকৈ লাভৱান হৈছে?

  • আমি দান-বৰঙণি দিব পৰা কিছুমান উপায় কি?

  • যদি আমি এই নতুন ইণ্টাৰনেটৰ সঁজুলিবোৰ ব্যৱহাৰ কৰিব নাজানোঁ, তেনেহ’লে আমি কি কৰিব পাৰোঁ?