Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে

আমাৰ প্ৰয়োজনীয়তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে

বিশ্বাসী বুদ্ধিমান দাসে “উচিত সময়ত” আমাক আহাৰ দিয়ে। ইয়ে প্ৰমাণ কৰে যে যিহোৱাই তেওঁলোকক নিৰ্দেশনা দিয়ে আৰু আধ্যাত্মিকভাৱে আমাক কিহৰ প্ৰয়োজন, তাক যিহোৱাই ভালদৰে জানে। (মথি ২৪:৪৫) ইয়াৰ উপৰিও, আমাৰ আঞ্চলিক অধিৱেশন আৰু সপ্তাহৰ মাজত হোৱা সভাই ইয়াৰ প্ৰমাণ দিয়ে।

২০১৭ চনৰ শিক্ষা সমিতিৰ ৰিপৰ্ট নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সময় অনুসৰি ব্যৱস্থা কৰা অধিৱেশনবোৰৰ বাবে কোনে প্ৰশংসা পোৱা উচিত?

  • অধিৱেশনৰ কাম কেতিয়া আৰম্ভ হয়?

  • অধিৱেশনৰ বিষয়বোৰ কেনেকৈ বাছনি কৰা হয়?

  • অধিৱেশনৰ প্ৰস্তুতি কৰাত কি কাম জড়িত থাকে?

  • সপ্তাহৰ মাজত হোৱা সভাৰ বিষয়বোৰ লিখিবলৈ কেনেকৈ গিলিয়দ স্কুলত শিকোৱা অধ্যয়নৰ পদ্ধতিবোৰ ব্যৱহাৰ কৰা হয়?

  • সভাৰ বাবে অধ্যয়ন পুস্তিকা প্ৰস্তুত কৰিবলৈ কেনেকৈ বিভিন্ন বিভাগে একেলগে কাম কৰে?

যিহোৱা ঈশ্বৰে ব্যৱস্থা কৰা আধ্যাত্মিক বিষয়বোৰৰ বাবে আপুনি কেনে অনুভৱ কৰে?