খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—ফোনৰ যোগেদি সাক্ষ্য দিয়ক
কিয় গুৰুত্বপূৰ্ণ: আমি ফোনৰ যোগেদি ভালদৰে “শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য” দিব পাৰোঁ। (পাঁচ ২০:২৪) * যদি কিবা কাৰণত এজন ব্যক্তিৰ লগত আমি মুখা-মুখিকৈ কথা পাতিব নোৱাৰোঁ, তেনেহʼলে আমি ফোনৰ যোগেদি তেওঁক সাক্ষ্য দিব পাৰোঁ।
ইয়াক কেনেকৈ কৰিব:
-
প্ৰস্তুতি কৰক। কোনো এটা বিষয়ে চিন্তা কৰক। তাৰ পাছত ব্যক্তিজনক কি কʼব, তাৰ বিষয়ে লিখি ৰাখক। ইয়াৰ উপৰিও, কেতিয়াবা হয়তো ব্যক্তিজনে ফোন নুঠায় আৰু আপোনাক ভইছ মেছেজ কৰিবলৈ কোৱা হয়। যদি আপুনি আগতীয়াকৈ বাৰ্তা লিখি ৰাখিছে, তেনেহʼলে আপুনি সহজে সাক্ষ্য দিব পাৰিব। টেবুলত আপুনি আপোনাৰ প্ৰয়োজনীয় সকলো বস্তু ৰাখিব পাৰে, যাতে ভালদৰে সাক্ষ্য দিব পাৰে। যেনে, ফোন বা টেবলেটত JW লাইব্ৰেৰী অথবা jw.org ৱেবছাইটটো খুলি ৰাখিব পাৰে
-
নিচিন্ত হৈ কথা পাতক। সাধাৰণতে আপুনি যিদৰে কথা পাতে, ঠিক সেইদৰেই কথা পাতক। হাঁহি মুখেৰে কথা পাতক আৰু এইদৰে অঙ্গি-ভঙ্গিৰে কথা পাতক যেন আপুনি ব্যক্তিজন লগত মুখা-মুখিকৈ কথা পাতিছে। ৰখি ৰখি কথা নাপাতিব। আন প্ৰচাৰকসকলৰ লগত মিলি ফোনৰ যোগদি সাক্ষ্য দিয়ক। যদি ব্যক্তিজনে আপোনাক কোনো প্ৰশ্ন কৰে, তেনেহʼলে সেই প্ৰশ্নটো পুনৰ কওক, যাতে আপোনাৰ লগত বহা প্ৰচাৰকজনে আপোনাক সেই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ সহায় কৰিব পাৰে
-
এনেদৰে কথা পাতক, যাতে আপুনি পুনৰ আলোচনা কৰিব পাৰে। যদি ব্যক্তিজন আপোনাৰ বাৰ্তাৰ প্ৰতি আগ্ৰহী, তেনেহʼলে শেষত এটা প্ৰশ্ন সোধক, যাৰ উত্তৰ আপুনি অহাবাৰ দিব। আপুনি ই-মেইল বা মেছেজৰ যোগেদি কোনো ভিডিঅʼ পঠিয়াব পাৰে অথবা আমাৰ ৱেবছাটৰ কোনো ভাগৰ বিষয়ে জনাব পাৰে
^ অনু. 3 যদি আপোনাৰ এলেকাত ফোনৰ যোগেদি সাক্ষ্য দিয়াৰ অনুমতি আছে, তেনেহʼলে ৰিলিভেণ্ট লʼ অন পাৰ্চনেল ডাটাৰ বিষয়ে মনত ৰাখি এইদৰে কৰক।