Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

“‘দুই পইচাৰ’ মূল্য”

“‘দুই পইচাৰ’ মূল্য”

বিধৱা গৰাকীয়ে যি পইচা দান কৰিছিল, তাৰ মূল্য ইমান কম আছিল যে সেই পইচাৰে এসাজ আহাৰো কিনিব নোৱাৰি। (“জীৱিকালৈ যি আছিল, সেই আটাইখিনি দিলে” লূক ২১:৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty।) কিন্তু তাইৰ নগণ্য দানৰপৰা বুজিব পাৰি যে তাই যিহোৱাক কিমান প্ৰেম কৰিছিল আৰু উপাসনাৰ লগত জড়িত ব্যৱস্থাক সহযোগ কৰিব বিচাৰিছিল। সেইবাবে তাইৰ দান যিহোৱাৰ দৃষ্টিত মূল্যৱান আছিল।—মাৰ্ক ১২:৪৩.

যিহোৱাৰ উদ্দেশে উপহাৰনামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমাৰ দানৰপৰা কি কি কাম কৰা হয়?

  • যদিও আমি দিয়া দান আমাক সাধাৰণ যেন লাগিব পাৰে, তথাপিও সেয়া যিহোৱাৰ দৃষ্টিত কিয় মূল্যৱান?

  • দান দিয়াৰ উপায়ৰ বিষয়ে আমি কʼৰপৰা জানিব পাৰোঁ?—“ অনলাইনত বেছিকৈ শিকক” নামৰ বক্স চাওক