লেবীয়া পুস্তক ১-৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |বলিদান কিয় উৎসৰ্গ কৰা হৈছিল?
১:৩; ২:১, ১২; ৩:১
মোচিৰ নিয়মত ইস্ৰায়েলীসকলক নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিবলৈ কোৱা হৈছিল। ইয়াৰপৰা যিহোৱা আনন্দিত হৈছিল। এই বলিদান যীচুৰ মুক্তিপণস্বৰূপ বলিদান আৰু তাৰপৰা লাভ কৰা আশীৰ্বাদৰ এক নমুনা আছিল।—ইব্ৰী ৮:৩-৫; ৯:৯; ১০:৫-১০.
-
বলিদান উৎসৰ্গ কৰা জীৱ-জন্তুত কোনো খুঁত নাছিল, ঠিক সেইদৰে যীচু খ্ৰীষ্টতো কোনো খুঁত নাছিল। তেওঁ নিজৰ সিদ্ধ শৰীৰ বলিদান কৰিলে ১ পিত ১:১৮, ১৯
-
হোম-বলি দিয়াৰ সময়ত যেনেকৈ গোটেই জন্তুটোক যিহোৱালৈ উৎসৰ্গ কৰা হৈছিল, ঠিক সেইদৰে যীচুৱেও নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গ কৰিলে
-
যেনেকৈ মঙ্গলাৰ্থক-বলি উৎসৰ্গ কৰা সকলৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক আছিল, ঠিক তেনেদৰে যিসকল অভিষিক্ত ভাইয়ে প্ৰভুৰ সন্ধ্যা ভোজত ভাগ লয়, তেওঁলোকৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক গঢ়ি উঠে