Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১৪-১৫

কেইজনমানৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায়

কেইজনমানৰ দ্বাৰা বহুতোলোকক আহাৰ খোৱায়

বত্ৰিশ খ্ৰীষ্টাব্দত পালন কৰিবলগীয়া নিস্তাৰ পৰ্ব্বৰ আগত যীচু খ্ৰীষ্টই এক আচৰিত কৰ্ম্ম কৰিছিল আৰু এই ঘটনাৰ বিষয়ে প্ৰতিখন শুভবাৰ্ত্তাৰ কিতাপত বৰ্ণনা কৰা হৈছে।

যীচুৱে যেনেকৈ লোকসকলক আচৰিতভাৱে আহাৰৰ যোগান ধৰিছিল, ঠিক তেনেকৈ বৰ্তমান সময়তো তেওঁ আমাৰ বাবে আধ্যাত্মিক আহাৰৰ যোগান ধৰি আহিছে।

১৪:১৬-২১

  • কেৱল পাচোঁটা পিঠা আৰু দুটা মাছেৰে লোকসকলক আহাৰ খোৱাবলৈ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল

  • পিঠা আৰু মাছকেইটা লোকসকলৰ মাজত ভগাই দিবলৈ শিষ্যসকলক দিয়াৰ আগতে যীচুৱে প্ৰাৰ্থনা কৰিছিল

  • আচৰিতভাৱে সকলোৱে খাব পৰাকৈ যথেষ্ট পৰিমাণে আহাৰ আছিল। কেইজনমান পাঁচনিৰ দ্বাৰা যীচুৱে কেইবাহাজাৰ লোকক আহাৰ খোৱাইছিল

  • শেষ-কালৰ বিষয়ে যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে “উচিত সময়ত আহাৰ দিবলৈ” তেওঁ এটা মাধ্যমৰ ব্যৱস্থা কৰিব—মথি ২৪:৪৫

  • “দাসবিলাকক” আহাৰ দিবলৈ যীচুৱে ১৯১৯ চনত অভিষিক্ত লোকসকলৰ দ্বাৰা গঠিত ‘বিশ্বাসী বুদ্ধিমান দাসক’ নিযুক্ত কৰিছিল

  • অভিষিক্ত লোকসকলৰ দ্বাৰা গঠিত এটা সৰু গোটৰ দ্বাৰা যীচুৱে যেনেকৈ প্ৰথম শতিকাত আহাৰ যোগান ধৰিছিল, ঠিক সেইদৰে বৰ্তমান সময়তো তেওঁ কেইজনমান লোকৰ দ্বাৰা বহুতোলোকলৈ আধ্যাত্মিক আহাৰৰ ব্যৱস্থা কৰিছে

লোকসকলক আধ্যাত্মিক আহাৰ দিয়াৰ বাবে যীচুৱে যি মাধ্যমৰ ব্যৱস্থা কৰিছে, তাক মই কেনেকৈ স্বীকাৰ কৰিব পাৰোঁ আৰু ইয়াৰ প্ৰতি কেনেকৈ সন্মান দেখুৱাব পাৰোঁ?