Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

“তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”

“তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”

যীচু খ্ৰীষ্টই পৃথিৱীত থকাৰ সময়ত তেওঁ এই আজ্ঞাৰ ওপৰত গুৰুত্ব দিছিল: “তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।” (যাত্ৰা ২০:১২; মথি ১৫:৪) যীচুৱে এই কথা কোনো সংকোচ নকৰাকৈ ক’ব পাৰিছিল। কিয়নো এজন কিশোৰ হিচাপে তেওঁ নিজৰ পিতৃ-মাতৃৰ “বশ” হৈ আছিল। (লূক ২:৫১) এজন প্ৰাপ্তবয়স্ক ব্যক্তি হিচাপে যীচুৱে নিজৰ মৃত্যুৰ পাছত যাতে কোনোবাই মাতৃৰ যত্ন ল’ব পাৰে, তাৰ ব্যৱস্থা কৰিছিল।—যোহন ১৯:২৬, ২৭.

বৰ্তমান সময়তো, খ্ৰীষ্টান কিশোৰ-কিশোৰীসকলে নিজৰ পিতৃ-মাতৃৰ অধীনত থাকে আৰু তেওঁলোকৰ লগত সন্মানেৰে কথা-বতৰা হয়। আমাৰ পিতৃ-মাতৃক সন্মান দেখুৱাৰ বাবে বয়সৰ কোনো নিৰ্দিষ্ট সীমা নাই। পিতৃ-মাতৃ বৃদ্ধ হোৱাৰ পাছতো, আমি তেওঁলোকৰ প্ৰজ্ঞা তথা জ্ঞান আৰু উপদেশৰপৰা উপকৃত হৈ তেওঁলোকক সন্মান দেখুৱাব পাৰোঁ। (হিতো ২৩:২২) ইয়াৰ উপৰিও, আমি বয়সস্থ পিতৃ-মাতৃক যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই আৰ্থিকভাৱে আৰু মানসিকভাৱে সহায় কৰাৰ যোগেদি তেওঁলোকক সন্মান দেখুৱাব পাৰোঁ। (১তীম ৫:৮) আমি সৰুৱেই হওঁ বা বয়সত ডাঙৰেই হওঁ, আমি সকলোৱে নিজৰ পিতৃ-মাতৃৰ লগত ভাল সম্পৰ্ক ৰখা উচিত আৰু ইয়ে হৈছে তেওঁলোকক সন্মান কৰাৰ এক উপায়।

মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম? নামৰ হোৱাইট বোৰ্ড এনিমেশ্বনখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • পিতৃ-মাতৃৰ লগত কথা পাতিবলৈ আপুনি কিয় অসুবিধা অনুভৱ কৰিব পাৰে?

  • পিতৃ-মাতৃৰ লগত কথা-বতৰা হোৱাৰ সময়ত আপুনি তেওঁলোকক কেনেকৈ সন্মান দেখুৱা উচিত?

  • নিজৰ পিতৃ-মাতৃৰ সৈতে কথা-বতৰা হ’বলৈ যত্ন কৰা কিয় লাভজনক? (হিতো ১৫:২২)

    পিতৃ-মাতৃৰ লগত হোৱা কথা-বতৰাই জীৱনত সফলতা লাভ কৰিবলৈ আপোনাক সহায় কৰিব