Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১৮-১৯

নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক

নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক

নিজক আৰু আনক বিঘিনি জন্মোৱা যে এক গভীৰ বিষয় হয়, তাক বুজাবলৈ যীচুৱে উদাহৰণ ব্যৱহাৰ কৰিছিল।

১৮:৬, ৭

  • এটা ‘বিঘিনিৰ জাঁত’ অথবা বিঘিনিৰ শিলাৰ অৰ্থ হৈছে এনে এটা কাৰ্য্য বা পৰিস্থিতি, যাৰ দ্বাৰা এজন ব্যক্তিয়ে নৈতিক কাৰ্য্যৰপৰা বিচলিত হোৱা বা অসৎ কাৰ্য্য বা পাপ কাৰ্য্যত জড়িত হোৱা

  • এজন ব্যক্তিৰ বাবে যদি কোনোবাই বিঘিনি পায়, তেনেহ’লে বিঘিনি দিয়াজনক এটা জাঁত বা শিলা ডিঙিত লগাই সমুদ্ৰত পেলাই দিয়াই ভাল

শস্য পিচা জাঁত

১৮:৮, ৯

  • যীচুৱে তেওঁৰ শিষ্যসকলক উপদেশ দিছিল যে যদি আমাৰ হাত বা চকু আদিৰ দৰে মূল্যৱান অঙ্গই বিঘিনি জন্মায়, তেনেহ’লে তাক কাটি পেলোৱাই ভাল

  • এই অঙ্গবোৰৰ সৈতে গেহেনালৈ যোৱা অৰ্থাৎ বিনাশ হোৱাৰ পৰিৱৰ্তে, এইবোৰ নোহোৱাকৈ ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাই ভাল

মই এনে কি কাৰ্য্য কৰি আছোঁ, যাৰ বাবে বিঘিনি জন্মোৱাৰ কাৰণ হ’ব পাৰোঁ? মই কেনেকৈ মনত ৰাখিব পাৰোঁ যে মই নিজক বা আনক বিঘিনি জন্মোৱা নাই?