ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক
প্ৰশ্ন সোধক
যিহোৱা ‘পৰম-ধন্য ঈশ্বৰ’ হয় আৰু আমি ঘোষণা কাৰ্য্যত আনন্দ লাভ কৰাটো তেওঁ বিচাৰে। (১তীম ১:১১) যেতিয়া আমি এই কামত পাৰ্গত হʼবলৈ পৰিশ্ৰম কৰোঁ, তেতিয়া আমি আৰু বেছি আনন্দ লাভ কৰোঁ। যেনে, আমি ভাল প্ৰশ্ন সুধিবলৈ শিকোঁ আৰু লোকসকলক আগ্ৰহী কৰি তুলিব পাৰোঁ আৰু সহজে কথা-বতৰা আৰম্ভ কৰিব পাৰোঁ। আমি প্ৰশ্ন সোধাৰ যোগেদি আনক কোনো এটা বিষয়ে ভাবিবলৈ উৎসাহিত কৰিব পাৰোঁ। (মথি ২২:৪১-৪৫) প্ৰশ্ন সোধাৰ পাছত আমি তেওঁলোকৰ কথা ধ্যান দি শুনা উচিত। এইদৰে কৰাৰ যোগেদি আমি দেখুৱাও যে তেওঁলোকৰ বিশ্বাসৰ বিষয়ে আমি জানিব বিচাৰোঁ। (যাকো ১:১৯) তেওঁলোকৰ মন্তব্য শুনি, আমি জানিব পাৰোঁ যে আমি আগলৈ কি কোৱা উচিত হʼব।
শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—প্ৰশ্ন সোধক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
গ্ৰেচৰ কি ভাল গুণ আছিল?
-
নিতাই গ্ৰেচৰ প্ৰতি ব্যক্তিগত আগ্ৰহ দেখুৱাবলৈ কেনেকৈ প্ৰশ্নৰ ব্যৱহাৰ কৰিলে?
-
নিতাই গ্ৰেচক আগ্ৰহী কৰি তুলিবলৈ কি প্ৰশ্ন সুধিলে?
-
নিতাই কেনেকৈ গ্ৰেচক ভাবি-চিন্তি সঠিক নিৰ্ণয় লʼবলৈ প্ৰশ্নৰ ব্যৱহাৰ কৰিলে?